দিল্লীৰ ৰাজপথত মাৰ্চপাষ্ট কৰিব বন্দুকধাৰী বাংলাদেশী সেনাই 

News18 Assam | News18-Assam
Updated:January 5, 2021, 4:21 PM IST
দিল্লীৰ ৰাজপথত মাৰ্চপাষ্ট কৰিব বন্দুকধাৰী বাংলাদেশী সেনাই 
এখন ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ১২২জন সেনা বাহিনীৰ সদস্যক জানুৱাৰীৰ ১২তাৰিখে দিল্লীলৈ অনা হ’ব।

এখন ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ১২২জন সেনা বাহিনীৰ সদস্যক জানুৱাৰীৰ ১২তাৰিখে দিল্লীলৈ অনা হ’ব।

  • Share this:
বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীৰে সংগতি ৰাখি ভাৰতবৰ্ষৰ গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীত এইবাৰ অংশগ্ৰহণ কৰিব চুবুৰীয়া দেশখনৰ সেনা বাহিনীয়ে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে, দেশখনৰ সামৰিক বাহিনীৰ তিনিওটা বিভাগৰ (স্থল, জল, বায়ু সেনা) সৰ্বমুঠ ১২২ সেনাই অংশ ল’ব ২৬ জানুৱাৰীৰ পেৰেডত। তেওঁলোক বন্দুকো প্ৰদৰ্শন কৰিব।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰই জনোৱা মতে, এখন ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ১২২জন সেনা বাহিনীৰ সদস্যক জানুৱাৰীৰ ১২তাৰিখে দিল্লীলৈ অনা হ’ব। জানুৱাৰীৰ ১৯ তাৰিখলৈকে তেঁওলোকক দিল্লীত আছুতীয়াকৈ ৰখা হ’ব। পেৰেডত অংশগ্ৰহণ কৰাৰ পিছত জানুৱাৰীৰ ৩০ তাৰিখে তেওঁলোক উভতিব।
Published by: Sanjay Kumar Das
First published: January 5, 2021, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading