মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »NRC ভাৰতৰ আভ্যন্তৰীণ বিষয়, ক’লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

NRC ভাৰতৰ আভ্যন্তৰীণ বিষয়, ক’লে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে

উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে উত্তৰ–পূৰ্বাঞ্চলত বাংলাদেশৰ অবৈধ প্ৰব্ৰজনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল অমিত শ্বাহে।

  • Share this:
    উত্তৰ–পূৰ্বাঞ্চলত বাংলাদেশৰ পৰা অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰৱেশক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰাৰ কেইদিনমান পিছতে বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে অসমত NRCৰ নথি প্ৰস্তুত আৰু অবৈধ নাগৰিক চিনাক্তকৰণ প্ৰক্ৰিয়া ভাৰতৰ আভ্যন্তৰীণ বিষয়।

    বাংলাদেশৰ বৈদেশিক মন্ত্ৰী এ কে আব্দুল মমেনৰ সৈতে দ্বিপক্ষীয় সম্পৰ্ক সুদৃঢ় কৰাক লৈ আলোচনাৰ পিছতে এছ জয়শংকৰে এই মন্তব্য কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ গৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকী। বিদেশ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত এয়া জয়শংকৰৰ প্ৰথম বাংলাদেশ ভ্ৰমণ।

    দ্বিপক্ষীয় বাৰ্তালাপৰ পিছতে সংবাদ মাধ্যমৰ সৈতে কথা–বতৰাত জয়শংকৰে কয় যে বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতে তেওঁৰ আলোচনা সন্তোষজনক। বি ডি নিউজৰ খবৰ অনুসৰি, মমেনৰ সৈতে যৌথ সংবাদমেলত জয়শংকৰে কয় যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতৰ প্ৰক্ৰিয়াটো ভাৰতৰ আভ্যন্তৰীণ বিষয়।

    উল্লেখযোগ্য যে চলিত মাহৰ আৰম্ভণিতে উত্তৰ–পূৰ্বাঞ্চলত বাংলাদেশৰ অবৈধ প্ৰব্ৰজনক লৈ উদ্বেগ প্ৰকাশ কৰিছিল অমিত শ্বাহে। উল্লেখযোগ্য যে ৩১ আগষ্টত প্ৰকাশ পাব NRC।

    শেহতীয়া বাতৰি