আক্ৰমণত জড়িত শেৰী বেলোচৰ বয়স ৩০ বছৰ আছিল। তেওঁ প্ৰাণীবিদ্যাত স্নাতকোত্তৰ আৰু শিক্ষাত এমফিল কৰা।
আক্ৰমণত জড়িত শেৰী বেলোচৰ বয়স ৩০ বছৰ আছিল। তেওঁ প্ৰাণীবিদ্যাত স্নাতকোত্তৰ আৰু শিক্ষাত এমফিল কৰা।
পাকিস্তানৰ কৰাচী ইউনিভাৰ্চিটীত মঙলবাৰে হোৱা আত্মঘাতী আক্ৰমণত ৩গৰাকী চীনৰ আৰু এগৰাকী পাকিস্তানী নাগৰিকৰ মৃত্যু হয়। এই আক্ৰমণ সংঘটিত কৰা বেলুচিস্তানৰ প্ৰথম মহিলা আত্মঘাতী বোমাৰু শেৰী বেলোচৰ (Shari Baloch) বিষয়ে এতিয়া সকলোৱে জানিব বিচাৰিছে।
আফগান সাংবাদিক বছিৰ আহমেদ গোৱাখে টুইট কৰি শেৰী বেলোচৰ বিষয়ে তথ্য সদৰি কৰিছে। গোৱাখৰ মতে, আক্ৰমণত জড়িত শেৰী বেলোচৰ বয়স ৩০ বছৰ আছিল। তেওঁ প্ৰাণীবিদ্যাত স্নাতকোত্তৰ আৰু শিক্ষাত এমফিল কৰা। এখন স্কুলত পঢ়ুৱাইছেল বেলোচে। শেৰী বেলোচ বেলুচিস্তান লিবাৰেচন আৰ্মীৰ দুৰ্ধৰ্ষ ‘মজীদ ব্ৰিগেড’ৰ ভলেণ্টিয়াৰ আছিল। তেওঁ ২ বছৰ পূৰ্বে BLAত যোগদান কৰিছিল আৰু নিজকে আত্মঘাতী আক্ৰমণত ব্যৱহাৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল।
শেৰী বেলোচে নিজৰ দুই সন্তানক এৰি গৈছে। এটি সন্তানৰ বয়স ৮ বছৰ আৰু আনটোৰ ৫ বছৰ। তেওঁৰ স্বামী হবিতান বছিৰ বেলোচ এগৰাকী দন্ত চিকিৎসক, পিতৃ চৰকাৰী চাকৰিয়াল আছিল। শেৰী বেলোচৰ স্বামী হবিতান বছিৰ বেলোচে এক অজ্ঞাত স্থানৰ পৰা টুইট কৰি কয় যে তেওঁৰ পত্নীৰ এই নিস্বাৰ্থ কামক লৈ উদ্বিগ্ন, কিন্তু লগতে পত্নীয়ে যি কৰিছে, তাক লৈ গৰ্বিতও।
আফগান সাংবাদিক বছিৰ আহমেদ গোৱাখে কয় যে শেৰী বেলোচ উচ্চশিক্ষিত আছিল। তেওঁৰ পৰিয়ালো সম্ভ্ৰান্ত শ্ৰেণীৰ আছিল। তেওঁৰ পৰিয়ালক পাকিস্তানী সেনাই কেতিয়াও অশান্তি কৰা নাছিল। তাৰ পিছতো তেওঁ আত্মঘাতী বোমাৰু হৈ চীনৰ নাগৰিকক হত্যা কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পৰা ইংগিত পোৱা যায় যে বেলুচিস্তানৰ স্বাধীনতা আন্দোলনে এতিয়া এক নতুন গতি লৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|