• Home
  • »
  • News
  • »
  • world
  • »
  • ভাৰত-বাংলা সম্পৰ্ক অধিক সুদৃঢ কৰাৰ লক্ষ্য; চুবুৰীয়া ৰাষ্ট্ৰখনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৩ দিনীয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ

ভাৰত-বাংলা সম্পৰ্ক অধিক সুদৃঢ কৰাৰ লক্ষ্য; চুবুৰীয়া ৰাষ্ট্ৰখনলৈ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৩ দিনীয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ

বাংলাদেশ আৰু উত্তৰ-পূব অঞ্চলটোৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দেশখনে এই আমন্ত্ৰণ জনাইছে।

বাংলাদেশ আৰু উত্তৰ-পূব অঞ্চলটোৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দেশখনে এই আমন্ত্ৰণ জনাইছে।

বাংলাদেশ আৰু উত্তৰ-পূব অঞ্চলটোৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দেশখনে এই আমন্ত্ৰণ জনাইছে।

  • Share this:
চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক দিনক দিনে দৃঢ় হ'বলৈ ধৰিছে। শেহতীয়াকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ভাৰত ভ্ৰমণ সমাপ্ত কৰাৰ পাছতেই ৰাষ্ট্ৰখনৰ গাতে লাগি থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকললৈ বাংলাদেশে এক বিশেষ নিমন্ত্ৰণ আগবঢ়াইছে। জানিব পৰা মতে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণৰ পাছতেই দেশখনে সীমান্তৱৰ্তী অঞ্চলটোৰ মুখ্যমন্ত্ৰী কেইগৰাকীলৈ তিনিদিনীয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে। বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী চহৰিয়াৰ আলমে এই বিষয়ে সদৰী কৰিছে। বাংলাদেশ আৰু উত্তৰ-পূব অঞ্চলটোৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে দেশখনে এই আমন্ত্ৰণ জনাইছে।

উল্লেখ্য যে, বাংলাদেশ আৰু উত্তৰ-পূব ভাৰতৰ মাজত ১,৮৭৯ কিলোমিটাৰজুৰি বিস্তৃত হৈ থকা আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে। সেয়েহে এই অঞ্চলটোৰ সৈতে এক উন্নত আৰু শক্তিশালী সম্পৰ্ক বৰ্তাই ৰখাটো চুবুৰীয়া দেশখনৰ বাবে যথেষ্ট গুৰুত্বপূর্ণ বিবেচিত হয়।

ইতিমধ্যে বাংলাদেশ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ কেইখনমান ৰাজ্যই বাণিজ্য আৰু সংযোগৰ ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত দেশখনে ভাৰতক নিজৰ দুটাকৈ গুৰুত্বপূৰ্ণ জাহাজ বন্দৰ মংলা আৰু চিটাগং বন্দৰ ব্যৱহাৰ কৰাৰ অনুমতি দিছিল। যাৰ জৰিয়তে ভাৰতে বাংলাদেশৰ চিটাগং বন্দৰৰ মাজেৰে পূব ভাৰতৰ ৰাজ্যসমূহৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ পৰীক্ষামূলকভাৱে সফলতাৰে কাৰ্গো ৰপ্তানি কৰিছিল।

মন কৰিবলগীয়া কথা যে, বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক পূৰ্বতকৈ অধিক সুদৃঢ হৈছে। উদাহৰণস্বৰূপে বাংলাদেশৰ ৫০তম স্বাধীনতা দিৱসৰ এক বিশেষ কাৰ্যসূচী ভাৰততো অনুষ্ঠিত কৰা হৈছিল। গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত আয়োজন হৈছিল স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানটি। ইয়াৰোপৰি জুলাই মাহত বাংলাদেশৰ এটা প্ৰতিনিধি দল অসম ভ্ৰমণলৈ আহিছিল য'ত দেশখনৰ স্বাধীনতা সংগ্ৰামী ১৫ জন, ৬জন সাংবাদিক, ৪জন যুৱ সমাজ কৰ্মী আছিল। তেওঁলোকে সুধাকণ্ঠ ড০ ভুপেন হাজৰিকা সমাধিক্ষেত্ৰ, হাজোৰ পোৱামক্কা, অসম ৰাজ্যিক সংগ্ৰহালয় পৰিদৰ্শন কৰিছিল। লগতে দলটোৱে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰিছিল।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি