এটি কণমানি হাতী পোৱালি। পিতৃ–মাতৃৰ পৰা বিচ্ছিন্ন সি। মাতৃৰ পৰা বিচ্ছিন্ন হৈ ঘূৰি ফুৰিছিল নৈৰ পাৰত। এখন খৰস্ৰোতা নৈ পাৰ হ’বলৈ লওঁতেই উটি যাবলৈ ধৰিছিল হাতী পোৱালিটো। কিন্তু বনকৰ্মীয়ে দেখি উদ্ধাৰ কৰিছিল পোৱালিটোক। তাৰ পিছতে কণমানি হাতী পোৱালিটোক লৈ অহা হয় ‘ৱাইল্ড ইজ লাইফ’ নামৰ অভয়াৰণ্যখনলৈ। আৰু তাতেই সি অতি ঘনিষ্ঠ হৈ পৰে ‘ৱাইল্ড ইজ লাইফ’ৰ প্ৰতিষ্ঠাপক ৰক্ছীৰ সৈতে।ৰক্ছীয়ে মৰমতে হাতী পোৱালিটোৰ নাম দিলে ময়’। ঘটনাটো জিম্বাবৱেৰ।
![]()
Photo Credit : White Wolf Pack
বিবিচিৰ এটা দলৰ আগত ৰক্ছীয়ে কয় – হাতী পোৱালিটো সেই জন্তুবোৰৰ মাজত এটা, যাৰ সৈতে মই বন্ধুত্ব, বিশ্বাস আৰু মৰমৰ এক অসাধাৰণ বান্ধোনেৰে বান্ধ খাইছো।
![]()
Photo Credit : White Wolf Pack
‘ৱাইল্ড ইজ লাইফ’ অভয়াৰণ্যৰ হাতী নাৰ্ছাৰীত অনাথ জীৱ–জন্তুক দ্বিতীয়বাৰ জীৱন দিয়া হয়। অনাথ, আহত জীৱ–জন্তুক প্ৰাকৃতিক পৰিৱেশত ঘূৰি ফুৰিব পৰা কৰি তোলা হয়।
![]()
Photo Credit : White Wolf Pack
হাতী পোৱালিটোৱে প্ৰতিটো সময়তে থাকে ৰক্ছীৰ সৈতে। আনকি শোৱাৰ সময়তো ৰক্ছীৰ কাষতে শুই পৰে ময়’ই। ৰক্ছীৰ মৰমত প্ৰতিপালন হোৱা ময়’ই অংশগ্ৰহণ কৰে খেলা–ধুলাতো। White Wolf Pack নামৰ ৱেবছাইটটোত প্ৰকাশ পাইছে এই হাতী পোৱালিটোৰ বিষয়ে।
![]()
Photo Credit : White Wolf Pack
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|