মাতৃৰ পেটত থকা কন্ট্ৰাচেপটিভ বা কপাৰ টি হাতৰ মুঠিত লৈ জন্ম নৱজাতকৰ!

News18 Assam | News18-Assam
Updated:July 16, 2020, 9:45 AM IST
মাতৃৰ পেটত থকা কন্ট্ৰাচেপটিভ বা কপাৰ টি হাতৰ মুঠিত লৈ জন্ম নৱজাতকৰ!
ফটো সৌজন্যঃ দ্য ছান

কপাৰ টি থকাৰ পিছতো দুবছৰ পিছত মহিলাগৰাকী সন্তানসম্ভৱা হৈছিল। 

  • Share this:
ভিয়েটনামঃ দুবছৰ পূৰ্বে পৰিয়াল পৰিকল্পনাৰ অংশ হিচাপে ভিয়েটনামৰ এগৰাকী ৩৪বছৰীয়া মহিলাই নিজৰ শৰীৰত কপাৰ টি স্থাপন কৰাইছিল। কপাৰ টি হৈছে এনে ধৰণৰ কনট্ৰাচেপটিভ বা গৰ্ভ নিৰোধক যাক এটা সৰু অপাৰেচন কৰি মহিলাৰ যৌনাংগত লগাই দিয়া হয় যাতে অবাঞ্চিত মাতৃত্বৰ পৰা আঁতৰি থাকিব পাৰি।

পিছে কপাৰ টি থাকিও দুবছৰৰ পিছত মহিলাগৰাকী আকৌ গৰ্ভৱতী হ’ল। ভিয়েটনামৰ হাস্পতালত মহিলাগৰাকীয়ে এটি মৰমলগা সন্তান জন্ম দিয়ে। পিছে জন্মৰ পিছতে শিশুটিক দেখি সকলো হতবাক কাৰণ সদ্যোজাতই হাতৰ মুঠিত লৈ আহিছিল মাতৃৰ গৰ্ভত লগোৱা কপাৰ টি। কপাৰ টি হাতত লৈ জন্ম হোৱা শিশুটি দেখি চিকিৎসকো হতবাক হৈ পৰে। 

চিকিৎসকসকলৰ মতে মহিলাগৰাকীয়ে গৰ্ভনিৰোধক ব্যৱহাৰ কৰাৰ পিছতো কেনেকৈ সন্তানসম্ভৱা হ’ল সেয়া সঁচাকৈ আচৰিত। তাতোকৈ আচৰিত কেচুঁৱাটোৱে হাতত এনেকৈ কপাৰ টি লৈ জন্ম হোৱাটো। সদ্যোজাত শিশুটিৰ বিষয়ে লগে লগে ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত। বিদেশৰ সংবাদমাধ্যমতো চৰ্চিত হয় খবৰটো।
First published: July 16, 2020, 9:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading