Ram Mandir: শ্ৰীলংকাস্থিত সীতাৰ বন্দীশালৰ ২০ কিলো ওজনৰ শিল ব্যৱহৃত হ'ব ৰাম মন্দিৰ নিৰ্মাণত

ভাৰতবৰ্ষত থকা শ্ৰীলংকাৰ উচ্চ আয়ুক্ত মিলিণ্ডা মৰাগোড়াই শিলটো অযোধ্যালৈ লৈ যাব বুলি জানিব পৰা গৈছে।
ভাৰতবৰ্ষত থকা শ্ৰীলংকাৰ উচ্চ আয়ুক্ত মিলিণ্ডা মৰাগোড়াই শিলটো অযোধ্যালৈ লৈ যাব বুলি জানিব পৰা গৈছে।
- News18 Assam
- Last Updated: March 19, 2021, 2:57 PM IST
কলম্বোত ভাৰতীয় উচ্চ আয়ুক্তৰ কাৰ্যালয়ে টুইটাৰত ঘোষণা কৰা মতে, অযোধ্যাৰ নিৰ্মীয়মান ৰাম মন্দিৰত ব্যৱহাৰ হ’বলগীয়া শ্ৰীলংকাৰ সীতা ইলীয়াৰ পৰা সংগৃহীত পবিত্ৰ শিল, ভাৰত আৰু দ্বীপৰাষ্ট্ৰ খনৰ কুটনৈতিক সম্পৰ্কৰ অন্যতম শক্তিশালী স্তম্ভ হিচাপে পৰিগণিত হ’ব । টুইটটোত লগতে কোৱা হয় – এই বিশেষ শিল ময়ূৰপথি আম্মান মন্দিৰত ভাৰতত শ্ৰীলংকাৰ উচ্চ আয়ুক্তৰ পৰা ভাৰতত উচ্চ আয়ুক্তই সংগ্ৰহ কৰিছে।
শ্ৰীলংকাৰ এই পদক্ষেপৰ পৰা দুই দেশৰ মাজৰ উমৈহতীয়া বৈশিষ্ট সমূহ সুদৃঢ় হ’ব আৰু পৰ্যটন উদ্যোগে এক নতুন মাত্ৰা পাব বুলি আশা কৰা হৈছে। জনবিশ্বাস তথা মহাকাব্য ৰামায়ণৰ মতে, ৰাৱণে সীতাক অপহৰণ কৰি সেই বিশেষ স্থানতে বন্দী কৰি ৰাখিছিল। আৰু সেই স্থানৰ পৰাই সীতাই স্বামী ৰামক দৈনিক আৰাধনা কৰিছিল। বৰ্তমান সেই স্থানত সীতাৰ নামত এটা মন্দিৰো আছে ।