সুৰা সেৱন নকৰাকৈয়ে নিচাত থাকে এগৰাকী মহিলা! বাৰে বাৰে চিকিৎসকৰ কাষ চাপিও পোৱা নাই সুফল! পিছে কি এই ৰোগ?

Source-Google
সুৰা সেৱন নকৰাকৈ এগৰাকী মহিলাৰ বেয়া হ'ল যকৃত, চিকিৎসকে নকৰিলে বিশ্বাস!
- News18 Assam
- Last Updated: February 5, 2021, 3:00 PM IST
চিকিৎসকে সুৰা সেৱনৰ পৰিমাণ জোখা যন্ত্ৰৰে জুখি চাওতে তেওঁৰ দেহত ছবাৰ অত্যাধিক মাত্ৰাত সুৰা সেৱন কৰা প্ৰমাণ পায়। পিছে কি এই ৰোগ?
যদিহে আপোনাৰ দেহত আপোনা-আপুনি সুৰা প্ৰস্তুত হোৱা লক্ষণে (auto brewery) দেখা দিয়ে, এনেবোৰ লক্ষণে দেখা দিয়ে। এই ৰোগটোৰ বাবে মহিলাগৰাকীৰ জীৱনত বিৰূপ প্ৰভাৱ পৰিছে।
প্ৰথম অৱস্থাত মহিলা গৰাকীৰ কিয় এনে হৈছে ভাবি সকলো হতবাক হৈ পৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়তহে প্ৰকৃত কাৰণ ধৰা পৰে। চিকিৎসকে ভালদৰে ইয়াৰ কাৰণ পৰীক্ষা-নিৰীক্ষা কৰে। আৰু ইয়াক শেষ কৰিবলৈ হ'লে যকৃত সংৰোপন কৰিব লাগিব বুলি জনায়। অৱশ্যে বহুতো চিকিৎসকে মহিলাগৰাকীৰ দেহত এই ৰোগ হোৱা নাই বুলি ভাবে।
মহিলাগৰাকীয়ে এই সন্দৰ্ভত কয় যে, যদি নতুন ঔষধে কাম নকৰে, তেন্তে মই মৰি থাকিম।
দুখন চিকিৎসালয়ে মোৰ নাম যকৃত সংৰোপন তালিকাৰ পৰা কৰ্তন কৰিছে। লগতে সুৰা সেৱন নকৰিবলৈ নিৰ্দেশ দিয়ে।