• Home
  • »
  • News
  • »
  • world
  • »
  • ৮ বছৰ পিছত প্ৰেমিকাৰ মেছেজৰ ৰিপ্লাই দিলে প্ৰেমিকে, কাৰণ সোধাত দিলে আচৰিত উত্তৰ

৮ বছৰ পিছত প্ৰেমিকাৰ মেছেজৰ ৰিপ্লাই দিলে প্ৰেমিকে, কাৰণ সোধাত দিলে আচৰিত উত্তৰ

ছেলীয়ে প্ৰাক্তন প্ৰেমিকক এটা মেছেজ কৰিছিল, যাৰ উত্তৰ আহিবলৈ লাগিল ৮ বছৰ ৭ মাহ।

ছেলীয়ে প্ৰাক্তন প্ৰেমিকক এটা মেছেজ কৰিছিল, যাৰ উত্তৰ আহিবলৈ লাগিল ৮ বছৰ ৭ মাহ।

ছেলীয়ে প্ৰাক্তন প্ৰেমিকক এটা মেছেজ কৰিছিল, যাৰ উত্তৰ আহিবলৈ লাগিল ৮ বছৰ ৭ মাহ।

  • Share this:
সাধাৰণতে প্ৰেমিকাৰ এটা মেছেজৰ ৰিপ্লাই দিবলৈ কিমান সময় লাগে প্ৰেমিকক। ১ মিনিট, ২ মিনিট বা তাতোকৈ কম সময়! কিন্তু এটা মেছেজৰ ৰিপ্লাই দিবলৈ ৮ বছৰ সময় লাগিব পাৰেনে? তেনে এক ঘটনাই সংঘটিত হৈছে অষ্ট্ৰেলিয়াত। ৮ বছৰ পিছত এগৰাকী মহিলাই প্ৰেমিকৰ পৰা পালে মেছেজৰ ৰিপ্লাই।

জেনিফাৰ ছেলী নামৰ ৩৬ বছৰীয়া মহিলাগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এটা স্ক্ৰীণশ্বট। যিটো স্ক্ৰীণশ্বটত আছে ছেলী আৰু প্ৰাক্তন প্ৰেমিক থমাছৰ মেছেজ। ছেলীয়ে প্ৰাক্তন প্ৰেমিকক এটা মেছেজ কৰিছিল, যাৰ উত্তৰ আহিবলৈ লাগিল ৮ বছৰ ৭ মাহ।

news.com.auৰ সৈতে হোৱা কথা–বাৰ্তাত ছেলীয়ে কয় যে এদিন থমাছে হঠাৎ মোৰ সৈতে কথা পতা বন্ধ কৰি দিছিল। কেইবা বছৰো ধৰি উত্তৰ অহা নাছিল থমাছৰ। আমি যেতিয়া একেলগে আছিলো তেতিয়া বহুত ভাল আছিল, কেতিয়াও কোনো কথাৰ চিন্তা নাছিল। তেওঁৰ পৰিয়ালৰ সৈতে মোৰ কেতিয়াও দেখা হোৱা নাই কাৰণ তেওঁ আন ৰাজ্যত থাকে। থমাছে মোক এডিলেইডলৈ লৈ যাব বিচাৰিছিল, য’ত তেওঁৰ পৰিয়াল থাকে। তেওঁ মোক তেওঁৰ প্ৰেমৰ কথাও কৈছিল।

ছেলীয়ে কয় – ‘আমি আমাৰ ভৱিষ্যতক লৈ সপোন দেখাৰ সময়তে থমাছ নিৰুদ্দেশ হৈছিল। থমাছ নিখোজ হোৱাৰ পিছত মই অকলশৰীয়া হৈ পৰিছিলো। জীৱনত একেলগে খোজ দিয়াৰ কথা কৈছিল থমাছে।’

‘২০১১ চনত আমাৰ মাজত কথা–বতৰা হৈছিল, যাৰ আৰম্ভণি থমাছেই কৰিছিল। তেওঁ মোলৈ লিখিছিল – কি খবৰ। যাৰ উত্তৰ মই তিনিদিন পিছত দিছিলো – মই ভালে আছো। তাৰ পিছত মই লিখিছিলো – তুমি কি কৰি আছা? এই প্ৰশ্নৰ উত্তৰ মই ৮ বছৰ পিছত পালো। ইয়াৰ কাৰণ সোধাত থমাছে ক’লে – মোৰ ফোন আপডেট হৈ আছিল।’ – ক’লে ছেলীয়ে।
Published by:Sanjay Kumar Das
First published: