মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Australian Open 2022: অষ্ট্ৰেলিয়ান অপেন জয় কৰি ৰাফেল নাডালে ৰচিলে ইতিহাস, ২১টা গ্ৰেণ্ডশ্লেম বিজয়ৰ অভিলেখ

Australian Open 2022: অষ্ট্ৰেলিয়ান অপেন জয় কৰি ৰাফেল নাডালে ৰচিলে ইতিহাস, ২১টা গ্ৰেণ্ডশ্লেম বিজয়ৰ অভিলেখ

rafael nadal

Australian Open 2022: ২১টা গ্ৰেণ্ডশ্লেম বিজয়ৰ অভিলেখ। বিশ্বৰ একমাত্ৰ খেলুৱৈ যি ২১টা গ্ৰেণ্ডশ্লেম জয় কৰিলে।

  • Share this:
অষ্ট্ৰেলিয়ান অপেন ২০২২ (Australian Open 2022)ৰ খিতাপ জয় কৰি টেনিছ তাৰকা ৰাফেল নাডালে (Rafael Nadal) ৰচিলে নতুন ইতিহাস। ২১টা গ্ৰেণ্ডশ্লেম বিজয়ৰ অভিলেখ ৰচিলে ৰাফেল নাডালে। ফাইনেলত ডেনিল মেডভেদেভ (Daniil Medvedev)ক 2-6, 6-7, 6-4, 6-4, 7-5 ব্যৱধানত পৰাস্ত কৰি ৰাফেল নাডালে অভিলেখ গঢ়িলে।

ৰাফেল নাডাল বিশ্বৰ একমাত্ৰ টেনিছ খেলুৱৈ যি ২১টা গ্ৰেণ্ডশ্লেম জয় কৰিছে।


উল্লেখ্য যে ৰোজাৰ ফেডেৰাৰ (Roger Federer) আৰু নোভাক জোকোভিচে (Novak Djokovic) ২০টাকৈ গ্ৰেণ্ডশ্লেম (Grandslam) জয় কৰিছে।

উল্লেখ্য যে এইবাৰ অষ্ট্ৰেলিয়ান অপেনত ভাগ ল'ব নোৱাৰিলে নোভাক জোকোভিচে। কোৰোণা ভেকচিন নোলোৱা বাবে অষ্ট্ৰেলিয়াৰ চৰকাৰে জোকোভিচক ভিছা অনুমোদন নকৰিলে।

ফাইনেলৰ প্ৰথম দুটা ছেটত ডানিল মেদভেদেভ আগবাঢ়ি থাকিলেও পিছৰ তিনিওটা ছেট ৰাফেল নাডালে জয় কৰি ২১টা গ্ৰেণ্ডশ্লেম জয় (Highest Grandslam Winner) কৰা বিশ্বৰ প্ৰথমগৰাকী টেনিছ খেলুৱৈৰ অভিলেখ ৰচিলে।

শেহতীয়া বাতৰি