সন্তানৰ এনে নাম ৰাখিলে যে ৬০বছৰ পৰ্যন্ত বিনামূলীয়াকৈ পাই থাকিব ডমিন’জৰ পিজ্জা!

News18 Assam | News18-Assam
Updated:December 28, 2020, 12:24 PM IST
সন্তানৰ এনে নাম ৰাখিলে যে ৬০বছৰ পৰ্যন্ত বিনামূলীয়াকৈ পাই থাকিব ডমিন’জৰ পিজ্জা!
৬০বছৰীয়া উদযাপনত ডমিনোজে তেওঁলোকৰ ইনষ্টাগ্ৰাম পোষ্টৰ পৰা প্ৰতিযোগিতাৰ ঘোষণা কৰিছিল।

৬০বছৰীয়া উদযাপনত ডমিনোজে তেওঁলোকৰ ইনষ্টাগ্ৰাম পোষ্টৰ পৰা প্ৰতিযোগিতাৰ ঘোষণা কৰিছিল।

  • News18 Assam
  • Last Updated: December 28, 2020, 12:24 PM IST
  • Share this:
ছিডনীঃ সন্তানৰ জন্মৰ আগতেই আমাৰ দেশত পিত–মাতৃয়ে নাম ৰখা আৰম্ভ কৰে। অভিভাৱকে সন্তানৰ এনে নাম ৰাখিবলৈ বিচাৰে যি খুব বেছি শুনা নাযায়। যাতে তেওঁলোকৰ শিশুয়ে এক বেলেগ পৰিচয় পাব পাৰে। কিন্তু বহুতেই আকৌ এইবোৰ অদৰকাৰী বিষয় ভাবি মূৰ নঘমায়। তেওঁলোকৰ মতে নাম এটা হ’লেই হ’ল! পিছে কোনোবাই যদি এনেকুৱাত অফাৰ দিয়ে যে সন্তানৰ এনে নাম ৰাখক যাতে তেওঁ এবছৰ–দুবছৰ নহয় ৬০বছৰ পৰ্যন্ত বিনামূলীয়াকৈ পিজ্জা খাব পাৰে! তেনেহ’লে নিশ্চয় পিতৃ–মাতৃয়ে এবাৰলৈ হ’লেও ভাবিব। তেনেকুৱা এক প্ৰতিযোগিতা জিকি এতিয়া কপাল ফুলিল এটি শিশুৰ।

দৰাচলতে, অষ্ট্ৰেলিয়াৰ এক দম্পত্তিয়ে নিজৰ সন্তানৰ নাম ৰাখিছিল অন্য ধৰণে। সন্তানৰ সেই নামেই তেওঁক এই প্ৰতিযোগিতাত বিজয়ী কৰাইছে। এটা বিশ্বখ্যাত কোম্পানীয়ে এই দম্পত্তিক ২০৮০ বছৰ পৰ্যন্ত বিনামূলীয়াকৈ পিজ্জা প্ৰদান কৰিব। সমগ্ৰ বিশ্বত পিজ্জাৰ কাৰণে বিখ্যাত ড’মিনজে অষ্ট্ৰেলিয়াৰ এই দম্পত্তিক জনাইছে তেওঁ‍লোকে ৬০বছৰৰ কাৰণে বিনামূলীয়াকৈ পিজ্জা পোৱাৰ চৰ্ত জিকিছে।

উল্লেখ্য যে, ৬০বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষ্যে ডমিন’জে তেওঁলোকৰ ইনষ্টগ্ৰামৰ পোষ্টত প্ৰতিযোগিতাৰ ঘোষণা কৰিছিল। এই প্ৰতিযোগিতাৰ চৰ্তটি আছিল যে কাৰোবাৰ সন্তানে যদি অষ্ট্ৰেলিয়াত ৯ডিচেম্বৰত জন্মগ্ৰহণ কৰিছে তথা পিতৃ–মাতৃয়ে তেওঁৰ নাম Dominic বা Dominique ৰাখে তেনেহ’লে তেওঁ পৰৱৰ্তী ৬দশক অৰ্থাৎ ৬০বছৰ ধৰি ডমিন’জৰ পিজ্জা বিনামূলীয়াকৈ খাব পাৰিব।




ইয়াৰ পিছত প্ৰতিযোগিতা জিকিছিস ক্লিমেণ্টাইন ৱল্ডফিল্ড তথা চিডনীৰ এণ্টনী লটে। আমোদজনক কথাটো হ’ল যে এই দম্পত্তি এই সন্দৰ্ভত অৱগতেই নাছিল। আত্মীয়ৰ পৰা এই সন্দৰ্ভত জানিব পাৰি নিজৰ সন্তানৰ নাম ডমিনিক ৰাখে আৰু প্ৰতিযোগিতাত অংশ লয়। ৯ ডিচেম্বৰত এই দম্পত্তিয়ে আছিল অষ্ট্ৰেলিয়াৰ একমাত্ৰ পিতৃ–মাতৃ যি কোম্পানীৰ প্ৰস্তাৱিত নাম অনুসৰি নাম ৰাখিছিল। চৰ্ত অনুসৰি দম্পত্তিয়ে ৬০বছৰ পৰ্যন্ত বিনামূলীয়াকৈ পিজ্জা পাই থাকিব ডমিন’জৰ পৰা।
First published: December 28, 2020, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading