চৰ্ম কৰ্কট ৰোগৰ সজাগতা সৃষ্টিৰ বাবে ডিজাইন কৰা এটা কলাকৰ্মৰ বাবে বণ্ডি সমুদ্ৰতীৰত পুৱাৰ কিৰণত প্ৰায় ২৫০০ লোকে নাঙঠ হৈ ফটোৰ বাবে পজ দিয়ে। এই প্ৰকল্পটো হৈছে আমেৰিকাৰ বিখ্যাত ফটোগ্ৰাফাৰ স্পেন্সৰ টিউনিকৰ শেহতীয়া প্ৰকল্প যাৰ লক্ষ্য হৈছে অষ্ট্ৰেলিয়ানসকলক নিয়মীয়াকৈ ছালৰ পৰীক্ষা কৰিবলৈ উৎসাহিত কৰা।
পূৰ্বৰ আইনখন সলনি কৰি প্ৰথমবাৰৰ বাবে সমুদ্ৰতীৰত ৰাজহুৱাভাৱে নগ্নতা প্ৰদৰ্শন কৰাৰ অনুমতি প্ৰদান কৰা হয়। বিশ্ব কৰ্কট গৱেষণা নিধিৰ তথ্য অনুসৰি অষ্ট্ৰেলিয়া হৈছে বিশ্বৰ চৰ্ম কৰ্কট ৰোগত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা দেশ। খবৰ অনুসৰি ৭০ বছৰ বয়সৰ ভিতৰত প্ৰতি তিনিজনৰ ভিতৰত দুজনৰ এই ৰোগ ধৰা পৰে।
স্থানীয় সময় অনুসৰি ৩.৩০ বজাৰ পৰা ছিডনীবাসীয়ে শীতল উষ্ণতা আৰু মাজে মাজে বৰষুণৰ মাজতো সমুদ্ৰতীৰত একত্ৰিত হৈ নেশ্যনেল স্কিন কেন্সাৰ একচন উইকৰ সৈতে সংগতি ৰাখি চেৰিটি স্কিন চেক চেম্পিয়নছৰ দ্বাৰা নিৰ্দেশ দিয়া ইনষ্টলেচনত অংশগ্ৰহণ কৰে।
ৰয়টাৰে বিশ্ববিখ্যাত শিল্পী টিউনিকৰ উদ্ধৃতি দি কয় যে তেওঁ চৰ্ম পৰীক্ষাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ সুযোগ পোৱাৰ বাবে আৰু তেওঁৰ শিল্পকলাক “শৰীৰ আৰু সুৰক্ষাৰ উদযাপন”ৰ বাবে ব্যৱহাৰ কৰাৰ বাবে ধন্য হৈছে।
এই অনুষ্ঠানত অংশগ্ৰহণ কৰা ৭৭ বছৰীয়া ব্ৰুচ ফিচাৰে এ এফ পিক কয় যে, '‘মই মোৰ আধা জীৱন ৰ’দত কটালোঁ আৰু মোৰ পিঠিৰ পৰা দুটামান মাৰাত্মক মেলান’মা আঁতৰাই পেলোৱা হৈছে। মই এইটো এটা মহৎ কাম বুলি ভাবিলো আৰু বণ্ডি সমুদ্ৰতীৰত কাপোৰ খুলি মই বেয়া পোৱা নাই।"
স্পেন্সৰ টিউনিক বিশ্বৰ কিছুমান আইকনিক স্থানত গণ নগ্নতাৰ ছবি মাষ্টাৰমাইণ্ড কৰাৰ বাবে পৰিচিত এজন বিখ্যাত শিল্পী।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|