ভাৰতক অশান্ত কৰাৰ পৰিকল্পনাৰে কাশ্মীৰৰ উগ্ৰপন্থী সংগঠনক উচতনি দিয়া পাকিস্তান চৰকাৰৰ বাবে বৰ্তমান চিন্তাৰ কাৰণ হৈ পৰিছে বেলুচিস্তান লিবাৰেচন ফ্ৰণ্ট (বেলুচিস্তান স্বাধীনতা সংগ্ৰামী সেনানী) নামৰ বিদ্ৰোহী সংগঠনটো। সংগঠনটোৰ সদস্যসকলে শনিবাৰে পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ আৱাৰণ জিলাৰ পিৰঞ্জাৰ নামে ঠাইত পাকিস্তানী সেনাৰ বিৰুদ্ধে ভয়াৱহ আক্ৰমণ চলায়। বিদ্ৰোহী সংগঠনটোৰ এম্বুশ্বত নিহত হৈছে কেইবাজনো পাকিস্তানী সেনা। ধ্বংস হৈছে পাকিস্তানী সেনাৰ এখন বাহন। ৰকেট লাঞ্চাৰ, আইইডি আৰু এ কে ৪৭ ৰাইফলৰে পথৰ দুয়োকাষৰ পৰা বিদ্ৰোহী সংগঠনটোৱে কৰা আক্ৰমণত ছেদেলী-ভেদেলী হৈ পৰে পাকিস্তানী সেনাৰ জোৱান সকল।
পাকিস্তানী সেনাৰ তথ্য অনুসৰি, এই আক্ৰমণটোৰ দুজন পাকিস্তানী সেনাৰ জোৱান নিহত হোৱাৰ বিপৰীতে ৫জন জোৱান আহত হৈছে। পাকিস্তানী সেনাৰ নিহত এগৰাকী জোৱানক লেন্সনায়ক মহম্মদ মুনিৰ বুলি সেনাৰ সূত্ৰই জনাইছে। কিন্তু বেলুচিস্তান লিবাৰেচন ফ্ৰণ্টৰ মতে এই আক্ৰমণত ১১জন পাকিস্তানী সেনা নিহত হৈছে।
উল্লেখযোগ্য যে, সেনাৰ কনভয়টোৱে বিএলএফৰ বিৰুদ্ধে অভিযান চলাবলৈ অঞ্চলটোলৈ গৈ থকাৰ অৱস্থাতে এই আক্ৰমণটো সংঘটিত হয়। ইয়াৰ পূৰ্বেও সংগঠনটোৱে পাকিস্তানী সেনাৰ বিৰুদ্ধে আক্ৰমণ চলাইছিল। আজিৰ পৰা ৩মাহ পূৰ্বেও সংগঠনটোৰ আক্ৰমণত ৫জন পাকিস্তানী সেনা জোৱান নিহত হোৱাত লগতে ২২জন জোৱান আহত হৈছিল।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 26, 2021, 08:51 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।