মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »চিকিৎসাৰ অচিলাৰে কম বয়সীয়া এথলীটক বলাৎকাৰ, ১৭৫বছৰৰ জেইল চিকিৎসকক

চিকিৎসাৰ অচিলাৰে কম বয়সীয়া এথলীটক বলাৎকাৰ, ১৭৫বছৰৰ জেইল চিকিৎসকক

এনেকুৱা বহুকেইগৰাকী এথলীট আছিল যিসকলে সমগ্ৰ দিন অনুশীলন কৰাৰ পিছত নিশা ডাঃ নেছৰৰ নিৰ্যাতনৰ বলি হৈছিল। পুূৱা পুনৰ কোৰ্টত নামি নিজৰ দেশৰ কাৰণে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জয় কৰিছিল।

এনেকুৱা বহুকেইগৰাকী এথলীট আছিল যিসকলে সমগ্ৰ দিন অনুশীলন কৰাৰ পিছত নিশা ডাঃ নেছৰৰ নিৰ্যাতনৰ বলি হৈছিল। পুূৱা পুনৰ কোৰ্টত নামি নিজৰ দেশৰ কাৰণে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জয় কৰিছিল।

এনেকুৱা বহুকেইগৰাকী এথলীট আছিল যিসকলে সমগ্ৰ দিন অনুশীলন কৰাৰ পিছত নিশা ডাঃ নেছৰৰ নিৰ্যাতনৰ বলি হৈছিল। পুূৱা পুনৰ কোৰ্টত নামি নিজৰ দেশৰ কাৰণে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জয় কৰিছিল।

  • News18
  • Last Updated :
  • Share this:
    আমেৰিকাৰ মহিলা প্ৰযোজক–পৰিচালক এৰিন লী কাৰে এনেকুৱা এটা কাহিনী দৰ্শকৰ সন্মুখলৈ আনিছে যি কাহিনী দেখুৱাবলৈ লাগিব অপৰিসীম সাহস। যিগৰাকীৰ সন্মুখত এটা সময়ত আমেৰিকাৰ দিগ্গজ আমোলাই আঁঠু ল’বলগীয়া হৈছিল। এৰিন লীয়ে এখন ডকুমেণ্টৰীৰ জৰিয়তে আমেৰিকাৰ বলাৎকাৰ তথা যৌন শোষণৰ বলি হোৱা শ শ কমবয়সীয়া জিমনাষ্ট নাৰীৰ কাহিনী কৈছে যিসকলৰ প্ৰত্যেকেই এজন ব্যক্তিৰ যৌন শোষণৰ বলি হৈছিল। দশক দশক ধৰি এই ঘৃণনীয় কাৰ্য অব্যাহত আছিল আৰু কোনেও একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই ডকুমেণ্টৰীখন এচবিঅ’ নেটৱৰ্কে প্ৰস্তুত কৰিছে আৰু শেহতীয়াকৈ এই কাহিনীয়ে সমগ্ৰ বিশ্বত খলকনি তুলিছে। বছৰ বছৰ ধৰি ভয়ংকৰ অপৰাধৰ বলি হোৱা দুৰ্ভগীয়া খেলুৱৈৰ কাহিনীয়ে জোকাৰিছে প্ৰত্যেককে।


    এই ডকুমেণ্টৰীখনৰ নাম এট দ্য হাৰ্ট অৱ গ’৸ল্ডঃইন্সাইড দ্য ইউএচএ জিমনাষ্টিক স্কেণ্ডেল। ইয়াৰ অৰ্থ হৈছে সোণৰ হৃদয়তঃআমেৰিকাৰ জিমনাষ্টিক কেলেংকাৰীৰ ভিতৰত। নামেই কয়, এফালে মহিলা এথলীটে তেজ–ঘাম একাকাৰ কৰি নিজৰ দেশৰ কাৰণে সোণৰ পদক জয় কৰাত ব্যস্ত থকাৰ সময়তে তেওঁলোকৰ অবাধ যৌন শোষণ কৰা হৈছিল। এই সময়ৰ কথা মনত পেলাই এগৰাকী জিমনাষ্টে আজিও কান্দে। ডকুমেণ্টৰী খনত তেওঁ কান্দি কান্দি নিজৰ সৈতে হোৱা নিকৃষ্ট কাণ্ডৰ বৰ্ণনা দিছে।


    তেওঁ কয়, 'মই ভাবো এতিয়াও সম্পূৰ্ণ ন্যায় হোৱা নাই, যেতিয়া মই প্ৰথমবাৰ সেই চয়তানৰ বিৰুদ্ধে অভিযোগ কৰিছিলো তেতিয়া সি নিৰ্যাতন কৰা বহুকেইগৰাকী কণমানিৰ জন্মই হোৱা নাছিল। যদি মোৰ অভিযোগ সময়ত শুনিলেহেঁতেন আজি সেই চিকিৎসকৰ যৌন শোষণৰ পৰা বহুকেইগৰাকী এথলীট ৰক্ষা পৰিলহেঁতেন।'


    এইগৰাকী মহিলা জিমনাষ্টে ১৯৯৭চনতে অভিযোগ কৰিছিল যে, আমেৰিকাৰ জিমনাষ্টিক (USAG) আৰু মিচিগান ষ্টেট (MSU)ত কোচিং আৰু প্ৰশিক্ষণ লৈ থকা ছোৱালীবোৰৰ সৈতে ডাঃ লেৰী নাছেৰে বলাৎকাৰ তথা নিৰ্যাতনৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰি আহিছে। এইগৰাকী মহিলা জিমনাষ্টক ডাঃ নাছেৰৰ আৰম্ভনিৰ চিকাৰৰ অন্যতম বুলি আখ্যা দিয়া হৈছে। কিন্তু এইগৰাকী মহিলাৰ দাবী তেওঁৰ বাৰম্বাৰ অভিযোগৰ পিছতো বহু বছৰলৈকে ডাঃ নাছেৰৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। মহিলা জিমনাষ্টগৰাকীয়ে দিয়া শিহৰণকাৰী বৰ্ণনা অনুসৰি আঘাত পালেই ট্ৰেইনাৰে চিকিৎসকৰ কাষলৈ তেওঁলোকক পঠিয়াই দিছিল আৰু তাত তেওঁলোকৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ বৰ্বৰ কাণ্ড।


    এফালে ছোৱালীবোৰে জিমনাষ্টৰ দৰে কঠিন খেল খেলিবলৈ দিন–ৰাতিয়ে পৰিশ্ৰম কৰিছিল আৰু ইয়াৰ মাজতে তেওঁলোকে প্ৰায়ে আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছিল। প্ৰশিক্ষকে ইয়াৰ পিছতে তেওঁলোকক এনেকুৱা এগৰাকী চিকিৎসকৰ কাষলৈ পঠিয়াই দিছিল যিজনে চিকিৎসাৰ সলনি তেওঁলোকৰ সৈতে সংঘটিত কৰিছিল জঘন্য দুষ্কাৰ্য। এয়া আছিল অতি অসহনীয়, যিবোৰ কথা কোনো খেলুৱৈয়ে কেতিয়াও কাকো ক’বলৈ সাহস কৰা নাছিল।


    দিনভৰ পৰিশ্ৰম কৰা এনে বহু এথলীটে নিশা হ’লেই ডাঃ নেছৰৰ বাসনাৰ বলি হৈছিল। পুৱা আকৌ তেওঁলোকে কোৰ্টত নামিবলৈ বাধ্য হৈছিল আৰু নিজৰ দেশৰ কাৰণে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক জিকিছিল। ১৯৯৭চনত অভিযোগৰ পিছতো আমেৰিকাৰ জিমনাষ্ট প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনেও ডাঃ নেছৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।


    কেবা দশকৰ পিছত যেতিয়া ডাঃ নেছৰৰ যৌন বাসনাৰ ঘৃণনীয় খেলে সীমা পাৰ কৰিলে তেতিয়া কেইবাগৰাকীও জিমনাষ্টে মিলি তেওঁৰ ওপৰত অভিযোগ আনে। তদন্তত তেওঁৰ দোষ প্ৰমাণ হয় আৰু ডাঃ নেছৰক ১৭৫বছৰৰ কাৰাবাস প্ৰদান কৰা হয়।


    এই ঘৃণনীয় অপৰাধৰ বাবে ডাঃ নেছৰৰ শাস্তি হোৱাৰ পিছত নিজৰ দেশৰ আইন ব্যৱস্থাক নতুনকৈ আস্থাৰ চকুৰে চাবলৈ লৈছে বহুকেইগৰাকী মহিলা জিমনাষ্টে। কিন্তু বহুকেইগৰাকী জিমনাষ্ট ডাঃ নেছৰৰ জঘন্য কাণ্ডৰ দ্বাৰা এনেকৈ ক্ষতিগ্ৰস্ত হ’ল যে তেওঁলোক আজিও স্বাভাৱিক অৱস্থালৈ ঘুৰি যাব পৰা নাই।


    এই ডকুমেণ্টৰীখনে এইসমূহ কাহিনীয়ে তুলি ধৰিছে, ইয়াত আটাইকেইগৰাকী মহিলা জিমনাষ্টে সন্মুখলৈ অহাৰ সাহস কৰিব নোৱাৰিলে কিন্তু ১৫গৰাকীতকৈও অধিক মহিলা জিমনাষ্টে নিজৰ কাহিনীৰ বৰ্ণনা কৰাৰ লগতে নতুন মহিলা জিমনাষ্টসকলক জৰুৰী পৰামৰ্শও আগবঢ়াইছে। তেওঁলোকৰ এটাই কামনা আৰু কাৰো সৈতে এনে ঘটনাৰ পুনৰাবৃত্তি নহওক।


    অৱশ্যে এতিয়াও বহুকেইগৰাকী খেলুৱৈয়ে কেৱল ডাঃ নেছৰক শাস্তি প্ৰদান কৰা কাৰ্যৰে ন্যায় লাভ কৰাৰ কথা মানি লোৱা নাই। তেওঁলোকৰ দাবী যিসকলে এই ঘটনাক গাপ দিছিল তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হওক।

    শেহতীয়া বাতৰি