আমেৰিকাত কাশ্মীৰ বিবাদৰ প্ৰসংগ উত্থাপন ইমৰান খানৰ, ট্ৰাম্পে ক’লে – আমি কৰিম মধ্যস্থতা

News18-Assam
Updated:July 23, 2019, 8:15 AM IST
আমেৰিকাত কাশ্মীৰ বিবাদৰ প্ৰসংগ উত্থাপন ইমৰান খানৰ, ট্ৰাম্পে ক’লে – আমি কৰিম মধ্যস্থতা
ট্ৰাম্প আৰু ইমৰান খানৰ বৈঠকৰ পিছত দুয়ো দেশৰ শীৰ্ষদ্বয়ে হোৱাইট হাউছত সংবাদ মাধ্যমক সম্বোধন কৰে।

ট্ৰাম্প আৰু ইমৰান খানৰ বৈঠকৰ পিছত দুয়ো দেশৰ শীৰ্ষদ্বয়ে হোৱাইট হাউছত সংবাদ মাধ্যমক সম্বোধন কৰে।

  • Share this:
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। হোৱাইট হাউছত ট্ৰাম্পক সাক্ষাৎ কৰে ইমৰান খানে। বৈঠকত উপস্থিত আছিল পাকিস্তানৰ বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেশ্বীও। ইমৰাণ খান প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এয়া প্ৰথম আমেৰিকা ভ্ৰমণ।

এই বৈঠকত ইমৰাণ খানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওচৰত কাশ্মীৰ বিবাদৰ প্ৰসংগ উত্থাপন কৰা বুলি জানিব পৰা গৈছে। ট্ৰাম্পে এই বিষয়ত ভাৰত আৰু পাকিস্তানৰ মাজৰ মধ্যস্থতা কৰাৰ কথা প্ৰকাশ কৰিছে।

কাশ্মীৰ বিবাদক লৈ মধ্যস্থতাকাৰী হোৱাৰ আগ্ৰহ ট্ৰাম্পৰ

ৰয়টাৰ্ছৰ মতে, ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ মাজৰ উত্তেজনাপূৰ্ণ সম্বন্ধত হস্তক্ষেপ কৰিব পাৰে। ইমৰাণ খানে কয় যে তেওঁ উপ–মহাদ্বীপত শান্তিৰ বাবে ট্ৰাম্পক সহযোগ কৰিবলৈ আহ্বান জনাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সোমবাৰে কৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কাশ্মীৰ বিবাদৰ সমাধান বিচাৰি সহায় বিচাৰিছে। সেয়েহে তেওঁ মধ্যস্থতাকাৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।

হোৱাইট হাউছৰ বিজ্ঞপ্তিত উল্লেখ নাই কাশ্মীৰ বিবাদৰ প্ৰসংগ
ট্ৰাম্প আৰু ইমৰান খানৰ বৈঠকৰ পিছত দুয়ো দেশৰ শীৰ্ষদ্বয়ে হোৱাইট হাউছত সংবাদ মাধ্যমক সম্বোধন কৰে। ট্ৰাম্পে কাশ্মীৰ বিবাদক লৈ মন্তব্য কৰে সংবাদ মাধ্যমৰ আগত। কিন্তু হোৱাইট হাউছৰ ফালৰ পৰা প্ৰকাশ কৰা দীঘলীয়া প্ৰেছ বিজ্ঞপ্তিত কাশ্মীৰ বিবাদৰ প্ৰসংগ উল্লেখ নাই। তাত কেৱল দক্ষিণ এছিয়াৰ কথা কোৱা হৈছে।

 


আৰু চাওক
পৰৱৰ্তী বাতৰি