Taiwan Train Derails: ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত ৩৬, এতিয়াও আবদ্ধ ৭২জন লোক!

News18 Assam | News18-Assam
Updated:April 2, 2021, 12:12 PM IST
Taiwan Train Derails: ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত ৩৬, এতিয়াও আবদ্ধ ৭২জন লোক!
Photo : Aljazeera

শুকুৰবাৰে টাইৱানৰ টাইপে’ত সংঘটিত হয় এই দুৰ্ঘটনা। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ মতে, কমেও পাঁচৰ পৰা আঠটা ডবা দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।

  • Share this:
টাইৱানত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত ৩৬জন লোক নিহত হোৱাৰ লগতে ১২জন আহত হোৱা বুলি জানিব পৰা গৈছে।

যুদ্ধকালীন তৎপৰতাৰে দুৰ্ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। এটা সুৰংগ পথত সংঘটিত এই দুৰ্ঘটনাৰ ফলত এতিয়াও সকলো ক্ষতিগ্ৰস্ত ডবাৰ কাষ চাপিব পৰা নাই উদ্ধাৰকাৰী দল।

শুকুৰবাৰে টাইৱানৰ টাইপে’ত সংঘটিত হয় এই দুৰ্ঘটনা। সংবাদ প্ৰতিষ্ঠান ৰয়টাৰ্ছৰ মতে, কমেও পাঁচৰ পৰা আঠটা ডবা দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে।

স্থানীয় UDN নিউজৰ ৱেবছাইটৰ পৰা জনা গৈছে যে প্ৰায় ৭২জন লোক এতিয়াও সুৰংগ পথটোত আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে। সুৰংগ পথত দুৰ্ঘটনা সংঘটিত হোৱাত উদ্ধাৰকাৰ্যত ব্যাঘাত জন্মিছে। এতিয়ালৈ মাত্ৰ দুটা ডবা উদ্ধাৰ কৰা সম্ভৱ হৈছে।
Published by: Sanjay Kumar Das
First published: April 2, 2021, 12:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি