• Home
  • »
  • News
  • »
  • world
  • »
  • South Africa Nightclub : ছাউথ আফ্ৰিকাৰ নাইট ক্লাবত উদ্ধাৰ ২২টাকৈ মৃতদেহ, দেহত নাছিল কোনো আঘাতৰ চিহ্ন, ৰহস্য

South Africa Nightclub : ছাউথ আফ্ৰিকাৰ নাইট ক্লাবত উদ্ধাৰ ২২টাকৈ মৃতদেহ, দেহত নাছিল কোনো আঘাতৰ চিহ্ন, ৰহস্য

মৃতকসকলৰ বয়স ১৮ৰ পৰা ২০ বছৰৰ ভিতৰত।

মৃতকসকলৰ বয়স ১৮ৰ পৰা ২০ বছৰৰ ভিতৰত।

মৃতকসকলৰ বয়স ১৮ৰ পৰা ২০ বছৰৰ ভিতৰত।

  • Share this:
ছাউথ আফ্ৰিকাত এটা নাইট ক্লাবত অঘটন। টেবুল-চেয়াৰ-ফ্লোৰত গোটেই ঠাইতে এটাৰ পিছত এটাকৈ প্ৰায় ২২টাকৈ মৃতদেহ পৰি আছিল ক্লাবটোত। দেওবাৰে ৰাতিপুৱাই দক্ষিণ আফ্ৰিকাৰ পূব লণ্ডনৰ এখন নাইট ক্লাবত ইমান সংখ্যক লোকৰ মৃতদেহ একেলগে পৰি থকা অৱস্থাত পোৱা গৈছিল। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে দেশখনত।

তেওঁলোকৰ মৃত্যু কেনেকৈ হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অনুসন্ধানকাৰীসকলে বিষক্ৰিয়াৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল নে আন কিবা কাৰণ সেয়া অনুসন্ধান কৰি আছে (At least 22 people found dead at a nightclub in South Africa)।

স্থানীয় সংবাদ মাধ্যমৰ সূত্র অনুসৰি, ইষ্ট লন্ডন চহৰৰ চিনাৰি পাৰ্ক এলেকাত থকা নাইট ক্লাবত মৃতকসকলৰ বয়স ১৮ৰ পৰা ২০ বছৰৰ ভিতৰত। বহুকেইজন অপ্রাপ্তবয়স্কও আছে। দেহবোৰত কোনো আঘাতৰ চিহ্ন নাই।

দেওবাৰে ৰাতিপুৱা এই ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোকসকলে নাইট ক্লাবৰ বাহিৰত জুম বান্ধে।
Published by:Gautam Barman
First published: