কোৰোণাৰ লক্ষণহীন ৰোগীৰ ভিতৰে ভিতৰে সৰ্বনাশ! চিকিৎসকে লক্ষ্য কৰিছে হাওঁফাওঁৰ চৰম ক্ষতি

News18 Assam | News18-Assam
Updated:July 13, 2020, 10:08 AM IST
কোৰোণাৰ লক্ষণহীন ৰোগীৰ ভিতৰে ভিতৰে সৰ্বনাশ! চিকিৎসকে লক্ষ্য কৰিছে হাওঁফাওঁৰ চৰম ক্ষতি
লক্ষণহীন আক্ৰান্তৰ শৰীৰৰ লাহে লাহে চৰম ক্ষতি কৰিছে কোৰোণা ভাইৰাছে। 

লক্ষণহীন আক্ৰান্তৰ শৰীৰৰ লাহে লাহে চৰম ক্ষতি কৰিছে কোৰোণা ভাইৰাছে। 

  • Share this:
কোৰোণাত আক্ৰান্ত হৈছে অথচ কোনো লক্ষণ নাই। পৰীক্ষাৰ পিছতে ধৰা পৰে শৰীৰত কোৰোণা ভাইৰাছৰ অৱস্থিতি। হয়তো বহুতেই ভাবি লৈছে যে শাৰীৰিক সাধাৰণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিয়ে এই যুঁজ জিকি গ’ল! কিন্তু চিকিৎসকে দেখুৱাইছে এই হিচাপ ইমান সহজ নহয়।

চীনৰ ইউহান প্ৰদেশত অৰ্থাৎ য’ত কোৰোণাৰ সংক্ৰমণ প্ৰথম আৰম্ভ হৈছিল সেই প্ৰদেশৰ একাধিক আক্ৰান্ত যাৰ শৰীৰত কোৰোণাৰ কোনো চিন–মোকাম নাই আনকি জ্বৰ, উশাহ–নিশাহ লোৱাৰ ক্ষেত্ৰতো কোনো কষ্ট নাই, তেওঁলোক সম্পূৰ্ণ সুস্থ নে কি? এই ৰোগীসকলৰ চিকিৎসা কৰিবলৈ গৈ যেতিয়া স্কেন কৰা হ’ল দেখা গ’ল যে তেওঁলোকৰ হাওঁফাওঁ যথেষ্ট সলনি হৈ পৰিছে। অথচ তেওঁলোকে অসুস্থ অনুভৱ কৰা নাই। যি পৰিস্থিতিত অক্সিজেনৰ অভাৱত অজ্ঞান হৈ পৰিব লাগিছিল সেই পৰিস্থিতিতো তেওঁলোক সুস্থ হৈ কেনেকৈ আছে। চিকিৎসকসকলে সেই কথা ধৰিব পৰা নাই।

তেওঁলোকে এটা কথা স্পষ্টৰূপত বুজি উঠিছে যে লক্ষণহীন আক্ৰান্তৰ শৰীৰতো লাহে–লাহে চৰম ক্ষতি কৰে কোৰোণা ভাইৰাছে। তেওঁলোকে বুজিবও নোৱাৰে অথচ শৰীৰৰ প্ৰধান অংগ হাওঁফাওঁৰ চৰম ক্ষতি হৈ যায়।
First published: July 13, 2020, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading