আন্তৰ্জাতিক শ্বটপুটত জিলিকিল তুনলাই নাৰ্জাৰী

News18-Assam
Updated:July 18, 2019, 9:01 AM IST
আন্তৰ্জাতিক শ্বটপুটত জিলিকিল তুনলাই নাৰ্জাৰী
মহিলাৰ শ্বটপুটত ১৩.৮৩ মিঃ দলিয়াই শ্ৰেষ্ঠত্ব অৰ্জন তুনলাইৰ। কাজাকাস্তান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্তঃৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাত জিলিকিল অসম কন্যাগৰাকী।

মহিলাৰ শ্বটপুটত ১৩.৮৩ মিঃ দলিয়াই শ্ৰেষ্ঠত্ব অৰ্জন তুনলাইৰ। কাজাকাস্তান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্তঃৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাত জিলিকিল অসম কন্যাগৰাকী।

  • Share this:
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল কোকৰাঝাৰৰ দোতমাৰ ঘিলাগুৰীৰ তথা অসম আৰক্ষীৰ দশম বেটেলিয়নত কৰ্মৰত তুনলাই নাৰ্জাৰী । কাজাকাস্তান আৰু কাৰ্গিস্থানে যুটীয়াভাৱে আয়োজন কৰা ২২ তম আন্তঃৰাষ্ট্ৰীয় টাটয়ানা কালপাকোভা প্ৰতিযোগিতাত তুনলাই নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰি শ্বটপুটত সোণৰ পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । মহিলাৰ শ্বটপুটত ১৩.৮৩ মিঃ দলিয়াই শ্ৰেষ্ঠত্ব অৰ্জন তুনলাইৰ।


উল্লেখ্য যে কাজাকাস্তান অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাৰ ফাইনেলত বিশ্বৰ ১১টা দলে অংশগ্ৰহণ কৰিছিল আৰু তাৰে ভিতৰত তুনলাই নাৰ্জাৰীয়ে সোণৰ পদক লাভ কৰাত গৃহ জিলা কোকৰাঝাৰত আনন্দৰ বন্যা বৈছে ।
আৰু চাওক
পৰৱৰ্তী বাতৰি