মুখ্যপৃষ্ঠা » খবৰ

» বিশ্ব

»Assamese Pitika : বিশ্ব দৰবাৰত আলু পিটিকা, বিখ্যাত নেট জিঅ' ট্ৰেভেলাৰত অসমীয়া পিটিকাৰ গুণগান

Assamese Pitika : বিশ্ব দৰবাৰত আলু পিটিকা, বিখ্যাত নেট জিঅ' ট্ৰেভেলাৰত অসমীয়া পিটিকাৰ গুণগান

News18 Assam | News18-Assam
Updated:September 26, 2021, 1:43 PM IST
Assamese Pitika : বিশ্ব দৰবাৰত আলু পিটিকা, বিখ্যাত নেট জিঅ' ট্ৰেভেলাৰত অসমীয়া পিটিকাৰ গুণগান
IMAGE COURTESY : NATGEOTRAVELLER

Assamese Pitika : নেট জিঅ' ট্ৰেভেলাৰত অসমৰ জনপ্ৰিয় ১৫ বিধ পিটিকাৰ ৰেচিপীসহ প্ৰকাশ পাইছে এক নিবন্ধ। এই নিবন্ধই সুন্দৰকৈ ফুটাই তুলিছে অসমৰ পিটিকা ব্যঞ্জনৰ গুণ।

  • News18 Assam
  • Last Updated: September 26, 2021, 1:43 PM IST
  • Share this:
আলু পিটিকা বা যি কোনো পিটিকাই অসমবাসী লোকৰ কিমান প্ৰিয় সেয়া এজন অসমীয়াইহে বুজিব পাৰে। একৈশ শতিকাতো যি সময়ত অসমৰ দৰে এখন ৰাজ্যতো গাঁৱে-ভূঞে বিশ্বায়নৰ প্ৰভাৱত সমাজ জীৱনত আকাশ-পাচাল পাৰ্থক্য অহিছে তেনে সময়তো পিটিকাৰ আদৰ কমা নাই। গাঁৱৰ উৰুখা পঁজাত বাস কৰা লোকজনৰ পাকঘৰৰ পৰা মহানগৰীৰ বিলাসী আৰু দামী ৰেষ্টোৰাঁলৈকে পিটিকাৰ সমাদৰ আজিও অটুট আছে। অতি সহজ, কম খৰচী আৰু কম সময়তে প্ৰস্তুত কৰিব পৰাৰ বাবে আলু পিটিকা বা অন্য যি কোনো পিটিকা সকলোৰে প্ৰিয়। লগতে ইয়াৰ অতুলনীয় সোৱাদ হৈছে পিটিকাৰ স্বকীয় বৈশিষ্ট।

শেহতীয়াকৈ অসমৰ আলু পিটিকাই বিশ্ব বাসীৰ সন্মুখতো লাভ কৰিছে সমাদৰ। অসমৰ অপূৰ্ব স্বাদৰ ব্যঞ্জনৰ ভিতৰত অন্যতম পিটিকাই স্থান পাইছে বিশ্ব আগশাৰীৰ আলোচনী নেট জিঅ' ট্ৰেভেলাৰত। অসমৰ হিতেশা ফুকন নামৰ ফ্ৰীলান্স লেখিকাগৰাকীৰ পিটিকা বিষয়ক এক নিবন্ধই অসমৰ আলু পিটিকাক সুন্দৰকৈ উলিয়াই নিছে বিশ্বাসীৰ মাজলৈ। এই নিবন্ধটোত অসমৰ ১৫ বিধ পিটিকাৰ বিষয়ে উল্লেখ কৰা হৈছে।

আলু পিটিকা (Alu Pitika)

আলু পিটিকা অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যঞ্জনৰ ভিতৰত প্ৰধান। দালি ভা- আৰু আলু পিটিকা হ'লে যি কোনো অসমীয়াৰ বাবে সেয়া হয়গৈ উত্তম ভোগ। পুৰিয়েই হওক বা সিজাই হওক, মিঠাতেল, নিমখ, ধনীয়া, পিঁয়াজ, জলকীয়াৰে আলু পিটিকাৰ সোৱাদক সহজে কোনেও ফেৰ মাৰিব নোৱাৰে।

কণী-আলু পিটিকা (Koni Alu Pitika)

শুদা আলু পিটিকাৰ লগতে অসমৰ লোকে প্ৰায়েই খোৱা আন এবিধ পিটিকা হ'ল কণী-আলু পিটিকা। বনাবলৈও সহজ, সোৱাদতো অপূৰ্ব আৰু পুষ্টি গুণতো ভৰপুৰ কণী আলু পিটিকা।

ভাত কেৰেলা-আলু পিটিকা (Bhaat Kerela Alu Pitika)

ভাত কেৰেলা (teasel gourd or spiny gourd) আৰু আলু পিটিকা অসমৰ আন এক জনপ্ৰিয় পিটিকা।

কলডিলৰ পিটিকা (Koldilor Pitika)

সিজাই বা ভাপত দি প্ৰস্তুত কৰিব পাৰি কলডিল (banana flower)ৰ পিটিকা। আজি-কালি সহজতে বজাৰত কলডিল পোৱা যায়। নেট জিঅ' ট্ৰেভেলাৰত কলডিলৰ পিটিকাইও স্থান পাইছে।

পুৰা জলফাই পিটিকা (Pura Jolphai Pitika)

জলফাই (Olive) টেঙাৰ পিটিকা বিশেষকৈ মহিলাসকলৰ মাজত অতি জনপ্ৰিয়। পুৰিয়েই হওক বা দাইলত দি বা সিজাই হওক জলফাই পিটিকা অসমীয়া সমাজৰ এক অন্যতম পিটিকা।

পুৰা কৰ্দৈ পিটিকা (Pura Kordoi Pitika)

কৰ্দৈ (starfruit) পুৰি পিটিকা নোখোৱা অসমীয়া নোলাবই ছাগে। সোৱাদত টেঙা, ৰসাল আৰু ধুনীয়া গোন্ধৰ সৈতে কৰ্দৈ পিটিকা খোৱাৰ মজাই বেলেগ।

পুৰা বেঙেনা পিটিকা (Pura Bengena Pitika)

আলু পিটিকাৰ পিছতে অসমৰ অন্যতম জনপ্ৰিয় পিটিকা হৈছে বেঙেনা পিটিকা। বেঙেনা পুৰি বা সিজাই পিটিকা কৰি খোৱাটো অসমবাসীৰ এক প্ৰিয় খাদ্য পৰম্পৰা । বেঙেনাৰ সৈতে আলু নাইবা বিলাহীও দি পিটিকি খোৱা হয়।

কাচ কলৰ পিটিকা (Kaas Kolor Pitika)
কাচ কলৰ পিটিকা কিছু লোকে পচন্দ নকৰিলেও অধিকাংশ অসমীয়াৰ ই এক পছন্দৰ খাদ্য। এই পিটিকা স্বাস্থ্যৰ বাবেও অতি উপকাৰী।

পুৰা মাছৰ পিটিকা (Pura Maasor Pitika)

পুৰা মাছৰ পিটিকাৰ গোন্ধ পালে অসমৰ লোকৰ জিভাৰ পানী পৰি যায়। গৰৈ মাছ পুৰি তেল, নিমখ, জলকীয়া, ধনীয়াৰে পিটিকি খোৱাৰ মজা পালে পাটৰ পৰা উঠিবই নিবিচাৰে অসমৰ লোকে। গ্ৰাম্য জীৱনৰ অন্যতম প্ৰিয় খাদ্য এইবিধ পিটিকা। বহুতে সামান্য পৰিমাণৰ কল খাৰ দিও পুৰা মাছৰ পিটিকা খায়। গৰৈয়েই নহয়, যি কোনো মাছ লৈ পুৰা মাছৰ পিটিকাৰ সোৱাদ ল'ব পাৰি।

এইবোৰৰ উপৰি নেট জিঅ' ট্ৰেভেলাৰত স্থান পোৱা আন কেইবিধমান পিটাকা হৈছে কাঠ আলুৰ পিটিকা (Kaathalu Pitika), ৰঙা লাও পিটিকা(pumpkin pitika), কঠালগুটি পিটিকা ( (jackfruit seed), মছুৰ দাইলৰ পিটিকা (red lentils Pitika), শাকৰ পিটিকা (Green Leaf pitika), তিতা কেৰেলা আৰু আলুৰ পিটিকা আদি। নিবন্ধটোত পিটিকাসমূহৰ ৰেচিপিও সুন্দৰকৈ দিয়া হৈছে যাতে বিশ্বৰ সকলোৱে ইয়াৰ সোৱাদ ল'ব পাৰে।
Published by: Manjumoni Borah
First published: September 26, 2021, 1:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি