কলম্বিয়াৰ ঐতিহাসিক মেড্যেলিন আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহত জিলিকিল যোৰহাটৰ দেৱাশীস পৰাশৰ

News18 Assam | News18-Assam
Updated:September 16, 2020, 1:29 PM IST
কলম্বিয়াৰ ঐতিহাসিক মেড্যেলিন আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহত জিলিকিল যোৰহাটৰ দেৱাশীস পৰাশৰ
মেদ্যেলিনৰ ৩০ বছৰীয়া গৌৰৱময় ইতিহাসত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা দেৱাশীস কনিষ্ঠতম ভাৰতীয় সাহিত্যক আৰু উত্তৰ-পূব ভাৰত তথা অসমৰ প্ৰথমগৰাকী সাহিত্যিক।

মেদ্যেলিনৰ ৩০ বছৰীয়া গৌৰৱময় ইতিহাসত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা দেৱাশীস কনিষ্ঠতম ভাৰতীয় সাহিত্যক আৰু উত্তৰ-পূব ভাৰত তথা অসমৰ প্ৰথমগৰাকী সাহিত্যিক।

  • News18 Assam
  • Last Updated: September 16, 2020, 1:29 PM IST
  • Share this:
কলম্বিয়াৰ ঐতিহাসিক মেড্যেলিন আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহত কবিতা পাঠ কৰিলে যোৰহাটৰ দেৱাশীস পৰাশৰে। মেদ্যেলিনৰ ৩০ বছৰীয়া গৌৰৱময় ইতিহাসত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পোৱা দেৱাশীস কনিষ্ঠতম ভাৰতীয় সাহিত্যক আৰু উত্তৰ-পূব ভাৰত তথা অসমৰ প্ৰথমগৰাকী সাহিত্যিক। মেড্যেলিনৰ এই ঐতিহাসিক আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহৰ ৩০ বছৰীয়া ইতিহাসত কেৱল ১৭ জন ভাৰতীয় কবি-সাহিত্যিকেহে অংশগ্ৰহণ কৰিবলৈ চৰকাৰী ভাবে আমন্ত্রিত হোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁলোকৰ মাজৰে অন্যতম সাহিত্যিক সকল হ'ল, কে সচ্চিদানন্দন, কেকি এন দাৰুৱালা, অশোক বাজপেয়ী আৰু উষা আকেলা ।

বিশ্বৰ সৰ্ববৃহৎ এই সাহিত্য সমাৰোহত ১০৩ খনতকৈয়ো অধিক দেশৰ ২০০ জন বাচকবনীয়া কবি-সাহিত্যিকে ৭০ দিনজোৰা ভাৰ্চুৱেল কাৰ্যসূচীত অংশগ্রহণ কৰিছে। উল্লেখযোগ্য যে, ঐতিহ্যমণ্ডিত ‘Festival International de Poesía de Medellín’  (International Poetry Festival of Medellin) ২০০৬ বৰ্ষৰ 'Right Livelihood Award’ তথা অল্টাৰনেটিভ ন'বেল বঁটাৰে  বিভূষিত।

দেৱাশীসে পাঠ কৰা প্ৰথমটো কবিতা তেওঁৰ জন্মভূমি যোৰহাট চহৰৰ ওপৰত আধাৰিত। কবিতা পাঠৰ শেষত, দেৱাশীসৰ ব্যতিক্রমী প্ৰয়াস, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ "পামৰু মন" বৰগীতটো পৰিবেশন কৰিবলৈয়ো ম্যেদেলিনৰ কৰ্তৃপক্ষই তেওঁক অনুৰোধ জনায়। বৰগীত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান তথা পাশ্চাত্য দৰ্শনত অসম তথা ভাৰতীয় আধ্যাত্মবাদৰ অৱদানৰ বিষয়েও বক্তব্য ৰাখে দেৱাশীসে। অসম তথা ভাৰতবৰ্ষৰ চহকী সাংস্কৃতিক পৰম্পৰা আৰু আধ্যাত্মিক দৰ্শনৰ শলাগ লয় ম্যেদেলিন কৰ্তৃপক্ষই।দেৱাশীষৰ কবিতা আৰু বক্তব্য স্পেনিছভাষী দৰ্শকৰ বাবে স্পেনিছ ভাষাত পাঠ কৰে চলচিত্র নিৰ্মাতা তথা সাহিত্যিক Mika Nivola য়ে।

‘এই বিখ্যাত পয়েট্ৰি ফেষ্টিভেলত মই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ 'পামৰু মন' বৰগীতটি পৰিৱেশন কৰো। লগতে মহাপুৰুষজনাৰ ব্যক্তিত্ব, কৰ্মৰাজি তথা বিচাৰধাৰা আৰু সেই সন্দৰ্ভত সাম্প্ৰতিক সময়ত মোৰ ব্যক্তিগত বিচাৰধাৰা ব্যক্ত কৰাৰো সুযোগ পালো। এই মহোৎসৱত তেওঁলোকে ভাৰত তথা অসমৰ দৰ্শন তথা আধ্যাত্মবাদৰ শলাগ লৈছে। ", দেৱাশীস পৰাশৰে নিউজ18ক এনেদৰে কয়।
Published by: Himangshu Bhuyan
First published: September 16, 2020, 1:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading