• Home
  • »
  • News
  • »
  • world
  • »
  • কেজিত ৭০ৰ পৰা ৭৫ হাজাৰ টকাত বিক্ৰী হৈছিল অসমৰ চাহ! আঁৰৰ ৰহস্য পাব্লিচিটী ষ্টাণ্ট নেকি?

কেজিত ৭০ৰ পৰা ৭৫ হাজাৰ টকাত বিক্ৰী হৈছিল অসমৰ চাহ! আঁৰৰ ৰহস্য পাব্লিচিটী ষ্টাণ্ট নেকি?

Source-Google

Source-Google

চাহৰ নিলাম বজাৰত কিছুদিন পূৰ্বে অসমৰ বাগিচাৰ এক কেজি চাহ বিক্ৰী হৈছিল ৭০ হাজাৰৰ পৰা ৭৫ হাজাৰ টকাত

  • Share this:
    চাহৰ নিলাম বজাৰত কিছুদিন পূৰ্বে অসমৰ বাগিচাৰ এক কেজি চাহ বিক্ৰী হৈছিল ক্ৰমে ৭০ হাজাৰ আৰু ৭৫ হাজাৰ টকাত। শেহতীয়াকৈ ফাদিল হৈছে চাহৰ এই অভাৱনীয় উচ্চ মূল্যৰ আঁৰৰ কাহিনী। কৌশলপূৰ্ণ ভাৱে এয়া একাংশ লোকে ব্যৱহাৰ কৰা পাব্লিচিটী ষ্টান্ট বুলি প্ৰকাশ কৰিছে খোদ চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত বেজবৰুৱাই।

    ৭৫হাজাৰ টকাত অসমৰ  এক কেজি চাহপাত বিক্ৰী হোৱাৰ পিছত এক প্ৰকাৰ চাহৰ বজাৰত অভিলেখ সৃষ্টি কৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল এই অভাৱনীয় মূল্যই। কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে অসমৰ ইখনৰ পিছত সিখন বাগিচাৰ চাহ নিলাম বজাৰত এনে অভাৱনীয় উচ্চ মূল্যত বিক্ৰী হোৱাৰ আঁৰৰ কাহিনী । চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত বেজবৰুৱাই ফাদিল কৰিছে ইয়াৰ অন্তৰালৰ কাহিনী । চাহ বৰ্ডৰ অধ্যক্ষগৰাকীয়ে নিউজ 18ক জানিবলৈ দিয়া মতে এয়া হৈছে এক পাব্লিচিটী ষ্টান্ট। বাগিচাখনৰ চাহৰ প্ৰচাৰৰ ই এক কৌশলহে মাত্ৰ। মাত্ৰ এক কেজি চাহ ৭৫ হাজাৰ টকাত বিক্ৰী হোৱাটোৱে বাগিচাখনৰ ব্যৱসায় তথা মানদণ্ডৰ কথা নুসূচায় । এক কেজি চাহপাত ৭০–৭৫ হাজাৰ টকাত ক্ৰয় কৰাৰ পিছত গ্ৰাহকজনে সেই চাহেৰে কি কৰিলে সেই সন্দৰ্ভত কিছু অনুসন্ধান কৰি চাবলৈ আহ্বান জনায় চাহ বৰ্ডৰ অধ্যক্ষ গৰাকীয়ে ।

    এনে ধৰণৰ অপ্ৰচাৰে অসমৰ চাহ উদ্যোগটোৰ ক্ষতিহে কৰিছে বুলি জানিবলৈ দিয়ে বেজবৰুৱাই। যি সময়ত বহু চাহ বাগিচাই উৎপাদন ব্যয়তকৈ কম মূল্যত চাহ বিক্ৰী কৰি লোকচানৰ সন্মুখীন হৈ আহিছে সেই সময়তে ৭৫ হাজাৰ টকীয়া চাহৰ খবৰে বিভ্ৰান্তিৰ সৃষ্টি কৰাটো স্বাভাৱিক বুলি কয় চাহ বৰ্ডৰ অধ্যক্ষগৰাকীয়ে । এনে উচ্চ মূল্যৰে পাব্লিচিটী কৰাটো সহজ বুলি কয় বেজবৰুৱাই ।

    চাহৰ নিলাম বজাৰৰ এই পাব্লিচিটী ষ্টান্টৰ বিষয়ে খোদ চাহ বৰ্ডৰ অধ্যক্ষগৰাকীয়ে ফাদিল কৰাৰ পিছত এই ঘটনাই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
    First published: