• Home
  • »
  • News
  • »
  • world
  • »
  • ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ স্বৰ্ণ পদক অৰ্জন ! সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিলে শিৱ থাপাই...

ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ স্বৰ্ণ পদক অৰ্জন ! সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে বিশ্ব বক্সিঙলৈ যোগ্যতা অৰ্জন কৰিলে শিৱ থাপাই...

অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই। সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে শিৱ থাপাই আইবা বিশ্ব বক্সি চেম্পিয়নশ্বিপত ভাৰতীয় দলত স্থান লাভ কৰিছে।

  • Share this:
অসমৰ ক্ৰীড়াজগতৰ বাবে সুখবৰ। ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক অৰ্জন কৰিছে অসমৰ তাৰকা বক্সাৰ শিৱ থাপাই। কৰ্ণাটকৰ বিলেৰীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণপদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অৰ্জুন বটা বিজয়ী শিৱ থাপাই।

মঙলবাৰে সৰ্বভাৰতীয় বক্সিঙত চেম্পিয়নেৰে লন্ডন আৰু ৰিঅ' অলিম্পিয়ান শিৱ থাপাই আইবা বিশ্ব বক্সি চেম্পিয়নশ্বিপত ভাৰতীয় দলত স্থান লাভ কৰিছে। ছাৰ্বিয়াৰ বেলগ্ৰেডত ২৬ অক্টোবৰৰ পৰা ৬ নবেম্বৰলৈ চলিবলগীয়া আইবা বিশ্ব বক্সিঙকলৈ আশাবাদী হৈ আছে দেশৰ গৌৰৱ শিৱ থাপা। উল্লেখযোগ্য যে অসমৰ শিৱ থাপাই এই পৰ্য্যন্ত দুবাৰ ক্ৰমে ২০১২ চনৰ লন্ডন আৰু ২০১৬ চনৰ ৰিঅ অলিম্পিক গেমছ আৰু দুবাৰ এছিয়ান গেমছৰ লগতে কমনৱেলথ গেমছ, ছাফ গেমছত অংশগ্ৰহণ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মঙলবাৰে ৰাষ্ট্ৰীয় চেম্পিয়ন সম্মান অৰ্জন কৰা শিৱ থাপাক ভাৰতীয় বক্সিঙৰ সচিৱ প্ৰধান তথা অসম বক্সিং এছোছিয়েছনৰ সাঃ সম্পাদক হেমন্ত কলিতাই অভিনন্দন জ্ঞাপন কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি