আন এক গৌৰৱ, Star Trek: Discoveryৰ ছিজন ৩ত অভিনয় অসমৰ আদিল হুছেইনৰ

২০২০চনত প্ৰিমিয়াৰ হ’ব এই চিৰিজৰ।

News18-Assam
Updated:October 7, 2019, 9:21 AM IST
আন এক গৌৰৱ, Star Trek: Discoveryৰ ছিজন ৩ত অভিনয় অসমৰ আদিল হুছেইনৰ
২০২০চনত প্ৰিমিয়াৰ হ’ব এই চিৰিজৰ।
News18-Assam
Updated: October 7, 2019, 9:21 AM IST
‘লাইফ অৱ পাই’ খ্যাত এইবাৰ যশস্বী অভিনেতা আদিল হুছেইনক দেখা যাব আমেৰিকাৰ বিখ্যাত ৱেব টেলিভিজন ছিৰিজ ‘Star Trek: Discovery’ত। ২০২০ বৰ্ষত প্ৰিমিয়াৰ হ’বলগীয়া জনপ্ৰিয় ছাই-ফাই ছিৰিজটোৰ ৩য় ছিজনত এক অন্যতম মুখ্য ভূমিকাত অভিনয় কৰিছে অসমৰ আদিল হুছেইনে। যোৱা শনিবাৰ অৰ্থাৎ ৫ অক্টোবৰত New York Comic-Conত ‘Star Trek: Discovery’ ছিজন ৩ৰ প্ৰথমটো ট্ৰেইলাৰৰ প্ৰিমিয়াৰ হৈ যায়।



 

‘ভায়া মামা’ৰ জৰিয়তে অভিনয় যাত্ৰা আৰম্ভ কৰা গোৱালপাৰাৰ আদিল হুছেইনে ইতিমধ্যে বলিষ্ঠ অভিনয়ৰ বলত নিজকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সু প্ৰতিষ্ঠা লাভ কৰিছে। উল্লেখযোগ্য যে যোৱা ৫ অক্টোবৰত ৫৬ বছৰত ভৰি দিয়া আদিল হুছেইনে অভিনয় কৰা দুখন চলচ্চিত্ৰ ‘ৰাহগীৰ’ আৰু ‘নিৰ্বাণ ইন’ৰ এইবাৰ বুচান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯’ত ৱৰ্ল্ড প্ৰিমিয়াৰ হয়।

দুয়োখন চলচ্চিত্ৰতে আদিলে পুৰুষৰ মূল ভূমিকাত অভিনয় কৰিছে। ‘ৰাহগীৰ’ৰ পৰিচালনা গৌতম ঘোষৰ আৰু ছবিখন প্ৰযোজনা কৰিছে অমিত আগৰৱালাই। আনহাতে, ‘নিৰ্বাণ ইন’ৰ পৰিচলনা বিজয় জয়পালৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি