• Home
  • »
  • News
  • »
  • world
  • »
  • Taliban Kabul takeover: ৰাষ্ট্ৰপতি গনিৰ পদত্যাগ, ২ দশকৰ পিছত আফগানিস্তানত তালিবান ৰাজ

Taliban Kabul takeover: ৰাষ্ট্ৰপতি গনিৰ পদত্যাগ, ২ দশকৰ পিছত আফগানিস্তানত তালিবান ৰাজ

Ashraf Gani steps down as peaceful handover of Kabul completes. আশ্ৰফ বা আমেৰিকাৰ কূটনীতিবিদসকলৰ সৈতে সমিল-মিলেৰে আগবাঢ়িব খোজে বুলি জনাই তালিবান নেতৃত্বই। জনাই দিয়ে যে, গাৰ জোৰেৰে কাবুল দখল কৰাৰ চেষ্টা কৰিব নালাগে তেওঁলোকে।

  • Share this:
আফগানিস্তানৰ গৃহমন্ত্ৰীৰ কথাতেই সকলো ছবি পৰিষ্কাৰ হৈ পৰিছিল। এনে জটিল পৰিস্থিতিত অন্তৱৰ্তীকালিন চৰকাৰৰ হাতত শান্তিপূৰ্ণ ক্ষমতা হস্তান্তৰ কৰিবলৈ বিচাৰিছিল দেশখনৰ চৰকাৰে। আজি দেওবাৰে আফগানিস্তানৰ ভাৰপ্ৰাপ্ত গৃহমন্ত্ৰীৰ ফালৰ পৰা এই তথ্য জনোৱা হৈছে সংবাদ মাধ্যমক। কাবুলৰ পৰিস্থিতিকলৈ আফগানিস্তানৰ টেলিভিশ্যন চেনেল টোলো টিভিত প্ৰচাৰিত এক ভিডিও বক্তব্যত এই কথা জনাই গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, আফগান জনগণ উদ্বিগ্ন হোৱাৰ কাৰণ নাই, কাবুলত কোনো ধৰণৰ হিংসাত্মক ঘটনা নহয়। অন্তৱৰ্তীকালিন চৰকাৰৰ হাতত শান্তিপূৰ্ণভাবে ক্ষমতা হস্তান্তৰ কৰা হ'ব।

শনিবাৰে নিশা উত্তৰৰ মাজাৰ-ই-শ্বৰীফ দখলৰ পিছৰ পৰাই কাবুলৰ পতনৰ ঘণ্টা বাজিবলৈ আৰম্ভ কৰিছিল। দেওবাৰে পুৱা জালালবাদ দখল কৰি চিল মোহৰ মাৰি দিয়ে তালিবানী যুদ্ধাই। তাৰ পিছত ৰাজধানী কাবুলতো দলে দলে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে তালিবানী সেনা। যদিও দলীয় নেতৃত্বৰ নিৰ্দেশত কাবুল সোমাবলৈ লওতেই থমকি ৰয় তেওঁলোলকৰ গাড়ী। ইয়াৰ পিছত আশ্ৰফ বা আমেৰিকাৰ কূটনীতিবিদসকলৰ সৈতে সমিল মিলেৰে আগবাঢ়িব খোজে বুলি জনাই তালিবানী নেতৃত্বই।

জনাই দিয়ে যে, গাৰ জোৰেৰে কাবুল দখল কৰিবলৈ চেষ্টা কৰিব নালাগে। শান্তিপূৰ্ণ ক্ষমতাৰ হস্তানৰ বিচাৰে তেওঁলোকে। ইয়াৰ পিছতেই মাৰ্কিন কূটনীতিবিদ আৰু নাটোৰ প্ৰতিনিধিৰ সৈতে জৰুৰী বৈঠকত অংশ লয় আশ্ৰফে। বৈঠকলৈ আমন্ত্ৰণ জনোৱা হয় তালিবানী নেতৃত্বক। সেই মতে, মোল্লা আব্দুল গনি বৰাদৰ নেতৃত্বত প্ৰেচিডেণ্টৰ বাসভৱনৰ ফালে ৰাওনা হয় তালিবানীৰ এটা প্ৰতনিধি দল।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি