পাকিস্তানে ভাৰতৰ বাবে বন্ধ কৰি দিলে এয়াৰ কৰিড’ৰ

এই কৰিড’ৰটো বন্ধ কৰাৰ ফলত বিদেশী বিমানৰ উৰণত প্ৰয়োজন হ’ব ১২ মিনিট অতিৰিক্ত সময়।

News18-Assam
Updated:August 8, 2019, 9:02 AM IST
পাকিস্তানে ভাৰতৰ বাবে বন্ধ কৰি দিলে এয়াৰ কৰিড’ৰ
এই কৰিড’ৰটো বন্ধ কৰাৰ ফলত বিদেশী বিমানৰ উৰণত প্ৰয়োজন হ’ব ১২ মিনিট অতিৰিক্ত সময়।
News18-Assam
Updated: August 8, 2019, 9:02 AM IST
পাকিস্তানৰ ওপৰেৰে উৰিব নোৱাৰিব ভাৰতৰ বিমান। নিজৰ এয়াৰ স্পেচৰ এটা কৰিড’ৰ বন্ধ কৰি দিলে পাকিস্তানে। ফলত বিদেশী বিমানৰ উৰণত প্ৰয়োজন হ’ব ১২ মিনিট অতিৰিক্ত সময়। এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই সদৰি কৰিছে এই কথা। এই কৰিড’ৰত থকা তিনিটা বিমান পথ বন্ধ কৰি দিছে পাকিস্তানে।

এয়াৰ ইণ্ডিয়াৰ এগৰাকী বিষয়াই কয় – পাকিস্তানৰ এয়াৰ স্পেচৰ এটা কৰিড’ৰ বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত ১২ মিনিটৰ পৰিৱৰ্তন হ’ব। ইয়াৰ ফলত কোনো গুৰুতৰ প্ৰভাৱ নপৰে। উল্লেখযোগ্য যে পাকিস্তানৰ এয়াৰ স্পেচেৰে দৈনিক প্ৰায় ৫০খন ভাৰতীয় বিমান চলাচল কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি