পাকিস্তানক সকীয়নি সেনাপ্ৰধান বিপিন ৰাৱটৰ, সন্ত্ৰাসবাদীক সহায় কৰিলে ভুগিব লাগিব পৰিণাম

News18-Assam
Updated:July 26, 2019, 7:23 AM IST
পাকিস্তানক সকীয়নি সেনাপ্ৰধান বিপিন ৰাৱটৰ, সন্ত্ৰাসবাদীক সহায় কৰিলে ভুগিব লাগিব পৰিণাম
ৰাৱটে কয় যে এতিয়া আমি কাৰ্গিলৰ দৰে পৰিস্থিতি হ’বলৈ নিদিও। যদি পাকিস্তানে এনেধৰণৰ কাম কৰে তাৰ বিৰুদ্ধে আমি সৰ্বশক্তি প্ৰয়োগ কৰিম।

ৰাৱটে কয় যে এতিয়া আমি কাৰ্গিলৰ দৰে পৰিস্থিতি হ’বলৈ নিদিও। যদি পাকিস্তানে এনেধৰণৰ কাম কৰে তাৰ বিৰুদ্ধে আমি সৰ্বশক্তি প্ৰয়োগ কৰিম।

  • Share this:
ভাৰতীয় স্থলসেনা প্ৰধান বিপিন ৰাৱটে পাকিস্তানক প্ৰদান কৰিছে কঠোৰ সকীয়নি। ৰাৱটে স্পষ্টভাৱে কয় যে যদি পাকিস্তানে সন্ত্ৰাসবাদীক সহায় কৰে তেন্তে ইয়াৰ বিৰুদ্ধে হ’ব উচিত ব্যৱস্থা। কাৰ্গিল যুদ্ধৰ ২০ সম্পূৰ্ণ হোৱা উপলক্ষে জম্মু–কাশ্মীৰৰ দ্ৰাছ ছেক্টৰত উপস্থিত হৈ শ্বহীদ জোৱানক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৰাৱটে।

আজ টকৰ এজন সাংবাদিকৰ মতে ৰাৱটে কয় যে যদি পাকিস্তান সেনাই ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীক সহায় কৰি থাকে তেন্তে ভাৰতে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত পিছুৱাই নাথাকে।

ৰাৱটে কয় যে ছাৰ্জিকেল ষ্ট্ৰাইক আৰু বালাকোট এয়াৰ ষ্ট্ৰাইকৰ জৰিয়তে আমি এই বাৰ্তা দিছিলো যে যদি পাকিস্তানে নিজৰ স্বভাৱ সলনি নকৰে তেন্তে আমি বায়ুসেনাৰ শক্তিও ব্যৱহাৰ কৰিব পাৰো। এনেধৰণৰ কাৰ্যকলাপৰ পৰা পাকিস্তান দূৰত থাকক। যদি আমাৰ বিৰুদ্ধে কোনো ব্যৱস্থা লয় আমি তাৰ উচিত প্ৰত্যুত্তৰ দিম।

ৰাৱটে কয় যে এতিয়া আমি কাৰ্গিলৰ দৰে পৰিস্থিতি হ’বলৈ নিদিও। যদি পাকিস্তানে এনেধৰণৰ কাম কৰে তাৰ বিৰুদ্ধে আমি সৰ্বশক্তি প্ৰয়োগ কৰিম।
আৰু চাওক
পৰৱৰ্তী বাতৰি