পাকিস্তানৰ পৰা নৈৰে উটি আহিল শিশুৰ মৃতদেহ, উদ্ধাৰ কৰি গতাই দিলে ভাৰতীয় সেনাই

পাক অধিকৃত কাশ্মীৰত সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ বান্দীপুৰ জিলাৰ গুৰেজত কিশানগংগা নদীত উদ্ধাৰ হয়।

news18assam
Updated:July 11, 2019, 8:52 PM IST
পাকিস্তানৰ পৰা নৈৰে উটি আহিল শিশুৰ মৃতদেহ, উদ্ধাৰ কৰি গতাই দিলে ভাৰতীয় সেনাই
পাক অধিকৃত কাশ্মীৰত সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ বান্দীপুৰ জিলাৰ গুৰেজত কিশানগংগা নদীত উদ্ধাৰ হয়।
news18assam
Updated: July 11, 2019, 8:52 PM IST
মানৱীয়তাৰ নিদৰ্শন দেখুৱাই পাকিস্তানৰ পৰা নৈৰে উটি অহা এটি ৮ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰি গতাই দিলে ভাৰতীয় সেনাই। জানিব পৰা মতে, পাক অধিকৃত কাশ্মীৰত সন্ধানহীন হোৱা শিশুটিৰ মৃতদেহ বান্দীপুৰ জিলাৰ গুৰেজত কিশানগংগা নদীত উদ্ধাৰ হয়।

মৃত শিশুটিৰ নাম আবিদ শ্বেখ বুলি জনা গৈছে। শিশুটিৰ পিতৃ–মাতৃয়ে ভাৰতীয় বিষয়াক বিষয়াক শিশুটিৰ মৃতদেহ গতাই দিবলৈ আবেদন জনাইছিল।

একাংশ স্থানীয় লোকে গুৰেজস্থিত আচুৰা গাঁৱত ভাৰত আৰু পাকিস্তানৰ মাজেৰে বৈ অহা কিশানগংগা নদীত প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। মৃতদেহটো নৈৰে উটি আহি ভাৰতৰ সীমা পাইছিল। ভাৰতীয় সেনাৰ জোৱানে মৃতদেহটো উদ্ধাৰ কৰে। ইয়াৰ পিছতে ভাৰতে পাকিস্তানক হটলাইনত ইয়াৰ খবৰ দিয়ে। এই খবৰ পোৱাৰ পিছতে পৰিয়ালৰ লোকে মৃতদেহটো ওভতাই দিয়াৰ বাবে আবেদন জনায়।




গিলগিটৰ বাসিন্দা শিশুটিৰ পৰিয়ালে ছচিয়েল মিডিয়াত ভাৰত চৰকাৰক আবেদন জনায় যে তেওঁলোকৰ শিশুটিৰ মৃতদেহ গতাই দিব লাগে। ইয়াৰ পিছতে ভাৰতীয় সেনাই শিশুটিৰ মৃতদেহ গতাই দিয়াৰ সিদ্ধান্ত লয়।
আৰু চাওক পৰৱৰ্তী বাতৰি