নাইজেৰিয়াত জনপ্ৰিয় হৈছে ভাৰতীয় Koo! টুইটাৰ নিষিদ্ধ কৰি নাইজেৰিয়া চৰকাৰে Kooত খুলিলে অফিচিয়েল একাউণ্ট

News18 Assam | News18-Assam
Updated:June 11, 2021, 1:06 PM IST
নাইজেৰিয়াত জনপ্ৰিয় হৈছে ভাৰতীয় Koo! টুইটাৰ নিষিদ্ধ কৰি নাইজেৰিয়া চৰকাৰে Kooত খুলিলে অফিচিয়েল একাউণ্ট
টুইটাৰ বিকল্পৰূপে ইতিমধ্যে ভাৰতত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা দেশীয় এপ Kooত এইবাৰ অফিচিয়েল একাউণ্ট খুলিছে নাইজেৰিয়া চৰকাৰে।

টুইটাৰ বিকল্পৰূপে ইতিমধ্যে ভাৰতত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা দেশীয় এপ Kooত এইবাৰ অফিচিয়েল একাউণ্ট খুলিছে নাইজেৰিয়া চৰকাৰে।

  • Share this:
নাইজেৰিয়া চৰকাৰে (Nigeria Government) শেহতীয়াকৈ অনিৰ্দিষ্ট কালৰ বাবে নিষিদ্ধ কৰিছে জনপ্ৰিয় মাইক্ৰ'ব্লগিং প্লেটফৰ্ম টুইটাৰক। যাৰ বাবে এতিয়া নাইজেৰিয়াত জনপ্ৰিয় হৈছে ভাৰতীয় Koo। টুইটাৰ বিকল্পৰূপে ইতিমধ্যে ভাৰতত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা দেশীয় এপ Kooত এইবাৰ অফিচিয়েল একাউণ্ট খুলিছে নাইজেৰিয়া চৰকাৰে।

Kooৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অপ্ৰময় ৰাধাকৃষ্ণই এক পোষ্টযোগে এই কথা উল্লেখ কৰে। য'ত তেওঁ Koo ইণ্ডিয়ালৈ নাইজেৰিয়া চৰকাৰৰ অফিচিয়েল হেণ্ডেলক স্বাগতম জনায়। লগতে এতিয়া Koo–এ ভাৰতৰ বাহিৰলৈ সোমাই পৰিছে বুলি উল্লেখ কৰে অপ্ৰময়ে।

তাৎপৰ্যপূৰ্ণভাৱে বিগত সপ্তাহত নাইজেৰিয়া চৰকাৰে দেশখন অনিৰ্দিষ্টকাললৈ টুইটাৰ নিষিদ্ধ কৰা কথা ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি মুহাম্মাদু বুহাৰীয়ে বিচ্ছিন্নতাবাদী আন্দোলন সম্পৰ্কত দিয়া এটা টুইট ডিলিট কৰিছিল টুইটাৰে।

অপ্ৰময়ম ৰাধাকৃষ্ণ আৰু মায়াংক বিদাৱতে আৰম্ভ কৰিছিল Kooৰ -

অপ্ৰময়ম ৰাধাকৃষ্ণ আৰু মায়াংক বিদাৱতে বিগত বৰ্ষত Kooৰ আৰম্ভণি কৰিছিল। যাতে ব্যৱহাৰকাৰীসকলে নিজৰ মতামত প্ৰকাশ কৰিবলৈ আৰু ভাৰতীয় ভাষাৰ মঞ্চৰ সৈতে জড়িত হ'বলৈ সুযোগ লাভ কৰে। ই হিন্দী, তেলেগু আৰু বঙালীসহ ভিন্ন ভাষাত উপলব্ধ।

প্ৰধানমন্ত্ৰী মোদীকো Koo এপক লৈ চৰ্চা কৰা দেখা গৈছিল -
Koo–এ ২০২০ চনৰ আগষ্টত অনুষ্ঠিত আত্মনিৰ্ভৰশীল এপ ইনোভেচন চেলেঞ্জত জয়ী হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত দেশবাসীক 'মন কি বাত' অনুষ্ঠানক Koo এপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছিল। তেতিয়াৰ পৰাই এপটো চৰ্চালৈ আহিছিল।

উল্লেখ্য যে, টুইটাৰৰ সৈতে মতবিৰোধৰ সমান্তৰালকৈ জনপ্ৰিয় হৈ পৰিছে Koo। জানিব পৰা মতে দেশৰ বিনিয়োগকাৰীসকলেও Kooত বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। টাইগাৰ গ্লোবেল ৰাউণ্ডৰ মাধ্যমত Koo–এ ৩০ মিলিয়ন ডলাৰ অৰ্থাৎ ২১৮ কোটি টকা উপাৰ্জন কৰিছে বুলিও জানিব পৰা গৈছে। শেহতীয়াকৈ Koo ব্যৱহাৰকাৰীৰ সংখ্য়াও ৬০ লাখলৈ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।
Published by: Sanjay Kumar Das
First published: June 11, 2021, 1:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি