কোন কোন ভাৰতীয় তাৰকাই লাভ কৰিলে অস্কাৰ একাডেমীৰ সদস্যপদ?

এম’চন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স কাডেমী(অস্কাৰ)য়ে বিশ্বৰ ৫৯ দেশৰ মুঠ ৮৪২ জনলৈ আগবঢ়ালে একাডেমীৰ সদস্যৰ পদ।

News18-Assam
Updated:July 3, 2019, 11:15 AM IST
কোন কোন ভাৰতীয় তাৰকাই লাভ কৰিলে অস্কাৰ একাডেমীৰ সদস্যপদ?
এম’চন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স কাডেমী(অস্কাৰ)য়ে বিশ্বৰ ৫৯ দেশৰ মুঠ ৮৪২ জনলৈ আগবঢ়ালে একাডেমীৰ সদস্যৰ পদ।
News18-Assam
Updated: July 3, 2019, 11:15 AM IST
অস্কাৰ একাডেমীৰ  সদস্য পদ লাভ কৰিছে অভিনেতা অনুপম খেৰ, বিশিষ্ট চলচিত্ৰ পৰিচালক জয়া আখতাৰ, পৰিচালক অনুৰাগ কাশ্যপ সহ ছগৰাকী ভাৰতীয়ই। ম’চন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্স একাডেমী(অস্কাৰ)য়ে বিশ্বৰ ৫৯ দেশৰ মুঠ ৮৪২ জন বিশিষ্ট শিল্পীলৈ আগবঢ়াইছে অস্কাৰ একাডেমীৰ  সদস্য পদ।  অস্কাৰ অকাডেমীৰ ৱেবচাইটত প্ৰকাশ কৰা হৈছে এই তালিকা। অনুপম খেৰক হোটেল মুম্ৱাইত কৰা অভিনয়ৰ বাবে আগবঢ়োৱা হৈছে এই সন্মান। সেইদৰে গালী বয় আৰু জিন্দেগী না  মিলেগী দুৱাৰাৰ দৰে ছবি নিৰ্মাণৰ বাবে জয়ালৈ আগবঢ়োৱা হৈছে এই সন্মান। ইয়াৰ উপৰিও বম্ৱে টকী'জৰ দৰে ছবি নিৰ্মাণৰ কাৰণে অনুৰাগ কাশ্যপলৈ যচা হৈছে এই সন্মান। ইয়াৰ আগতে শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা, অনিল কাপুৰে লাভ কৰিছিল এই সন্মান।
আৰু চাওক পৰৱৰ্তী বাতৰি