உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • কোভিড ভেকচিন দিয়াৰ পৰা আঁতৰত ৰাখিবলৈ দুই পুত্ৰক অপহৰণ কৰিলে মাতৃয়ে! পূৰ্বৰ স্বামীয়ে দাখিল কৰিলে অভিযোগ

    কোভিড ভেকচিন দিয়াৰ পৰা আঁতৰত ৰাখিবলৈ দুই পুত্ৰক অপহৰণ কৰিলে মাতৃয়ে! পূৰ্বৰ স্বামীয়ে দাখিল কৰিলে অভিযোগ

    কোৰোণাৰ ভেকচিন দিয়াৰ পৰা আঁতৰত ৰাখিবলৈ নিজৰ পুত্ৰক অপহৰণ কৰিলে মাতৃয়ে। স্পেইনত সংঘটিত হৈছে এই ঘটনা।

    কোৰোণাৰ ভেকচিন দিয়াৰ পৰা আঁতৰত ৰাখিবলৈ নিজৰ পুত্ৰক অপহৰণ কৰিলে মাতৃয়ে। স্পেইনত সংঘটিত হৈছে এই ঘটনা।

    কোৰোণাৰ ভেকচিন দিয়াৰ পৰা আঁতৰত ৰাখিবলৈ নিজৰ পুত্ৰক অপহৰণ কৰিলে মাতৃয়ে। স্পেইনত সংঘটিত হৈছে এই ঘটনা।

    • Share this:
    কোৰোণাৰ ভেকচিন দিয়াৰ পৰা আঁতৰত ৰাখিবলৈ নিজৰ পুত্ৰক অপহৰণ কৰিলে মাতৃয়ে। স্পেইনত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ প্ৰাক্তন স্বামীয়ে উত্থাপন কৰিছে এই অভিযোগ। বুধবাৰে গোচৰৰ সন্দৰ্ভত মহিলাগৰাকী আদালতত হাজিৰ হয়। উল্লেখ্য যে, বৰ্তমান বিশ্বত কোৰোণাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণৰ আতংক অব্যাহত থকাৰ সময়তে দেশখনত কোৰোণাৰ ভেকচিনেশ্যনৰ কাম খৰতকীয়া কৰা হৈছে।

    সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৪৬ বছৰীয়া মহিলাগৰাকীলৈ 'নাবালকৰ অপহৰণ'ৰ গোচৰ সন্দৰ্ভত ৱাৰেণ্ট আহিছিল। মহিলাগৰাকীৰ স্বামীয়ে ডিচেম্বৰৰ মাজভাগত মহিলাগৰাকীৰ বিৰুদ্ধে ১৪ আৰু ১২ বছৰ বয়সৰ দুটা পুত্ৰক অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আৰক্ষীত গোচৰ ৰুজু কৰিছিল। লোকজনে কৈছিল যে, তেওঁ ৪ নৱেম্বৰৰ পৰা দুই পুত্ৰক দেখা নাছিল।

    মহিলাগৰাকীয়ে প্ৰাক্তন স্বামীয়ে জনোৱা মতে, তেওঁ প্ৰাক্তন পত্নীৰ পৰা লাভ কৰিছিল এখন পত্ৰ। য'ত কোৱা হৈছিল যে, দুই পুত্ৰক বিদ্যালয়ৰ পৰা নাম কৰ্তন কৰিবলৈ পৰিকল্পনা কিৰছে। মহিলাগৰাকীৰ বিৰুদ্ধে প্ৰাক্তন স্বামী আদালতৰ দ্বাৰস্থ হোৱাৰ পিছত আদালতে নিৰ্দেশ দিয়ে যে, দুই পুত্ৰক কোৰোণাৰ ভেকচিন দিয়াবলৈ পিতৃৰ আছে সম্পূৰ্ণ কৰ্তৃত্ব আৰু মহিলাগৰাকী আদালতত হাজিৰ হব লাগে। পিছত দুই পুত্ৰক লগত লৈ আদালতত হাজিৰ হয় মহিলাগৰাকী।

    পিছত দুয়োটা সন্তানক আদালতে দেউতাকৰ হাতত গটাই দিয়ে। উল্লেখ্য যে, অন্যান্য ইউৰোপীয় দেশকে ধৰি স্পেইনতো ১৫ ডিচেম্বৰৰ পৰা কোভিড-19ৰ বিৰুদ্ধে ৫ৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ টিকাকৰণ আৰম্ভ হৈছে।
    Published by:Himangshu Bhuyan
    First published: