কোৰোণা মহামাৰীৰ সমান্তৰালকৈ আহি আছে আন এক ভয়ানক বিপদ, প্ৰভাৱ পৰিব সকলোৰে ওপৰত

News18 Assam | News18-Assam
Updated:September 2, 2020, 11:18 PM IST
কোৰোণা মহামাৰীৰ সমান্তৰালকৈ আহি আছে আন এক ভয়ানক বিপদ, প্ৰভাৱ পৰিব সকলোৰে ওপৰত
এই শতিকাৰ শেষলৈ সমুদ্ৰপৃষ্ঠৰ উচ্চতা এক মিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গৱেষকসকলে।

এই শতিকাৰ শেষলৈ সমুদ্ৰপৃষ্ঠৰ উচ্চতা এক মিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গৱেষকসকলে।

  • News18 Assam
  • Last Updated: September 2, 2020, 11:18 PM IST
  • Share this:
শেহতীয়া এক গৱেষণাত সকলোৰে বাবে এক অতিকৈ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। বিগত ৩০ বছৰত পৃথিৱীৰ পৰা গলি শেষ হৈ গৈছে ২৮ ত্ৰিলিয়ন টন অৰ্থাৎ ২৮ লাখ কোটি টন বৰফ। গোলকীয় উষ্ণতা বৃদ্ধিয়ে আমাৰ পৃথিৱীখনৰ অপূৰণীয় ক্ষতি কৰিছে। বিজ্ঞানীৰ এটা দলে পোহৰলৈ অনা তথ্য অনুসৰি, ১৯৯৪ চনৰ পৰা বৰ্তমানলৈকে ভূপৃষ্ঠৰ পৰা নোহোৱা হৈ গৈছে ২৮ ত্ৰিলিয়ন টন বৰফ। ইয়াৰে ৬০% বৰফ গলিছে উত্তৰ গোলাৰ্ধত আৰু বাকী ৪০% বৰফ গলিছে দক্ষিণ গোলাৰ্ধত।

এই বৃহৎ পৰিমাণৰ বৰফ কিমান বিশাল সেয়া শুনিলে আপুনি আচৰিত নহৈ নোৱাৰে। গলি যোৱা এই বৰফসমূহৰ ১০০ মিটাৰ ডাঠ আচ্ছাদনে সমগ্ৰ ব্ৰিটেইনখনকে ঢাকি ধৰিব পাৰিলহেঁতেন। সমগ্ৰ পৃথিৱীৰ বৰফসমূহৰ ওপৰত কৰা এইটোৱেই হৈছে প্ৰথমটো বিস্তৃত অধ্যয়ন।

গৱেষকৰ দলটোৱে পৃথিৱীৰ দুয়োটা গোলাৰ্ধ, পৰ্বতসমূহ আৰু গ্লেচিয়াৰসমূহত গ্ৰীনহাউছ গেছৰ পৰা কিমান বৰফ গলিলে সেয়া নিৰ্ধাৰণ কৰিবলৈ ছেটেলাইট ইমেজসমূহ বিশ্লেষণ কৰিছিল। বিজ্ঞানীৰ দলটোৱে এই ছেটেলাইট ইমেজসমূহৰ সৈতে ১৯৯৪ চনৰ পৰা ২০১৭ চনলৈকে পাৰিসাংখ্যিক নমূনাসমূহ একেলগ কৰি এই অধ্যয়ন আগবঢ়াই নিছিল। আৰু এই বিশ্লেষণৰ পৰা লাভ কৰা তথ্যসমূহ অতি ভয়ংকৰ। কাৰণ এই বিশ্লেষণ অনুসৰি বৃদ্ধি পাব সমুদ্ৰপৃষ্ঠৰ উচ্চতা।

এই শতিকাৰ শেষলৈ সমুদ্ৰপৃষ্ঠৰ উচ্চতা এক মিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে গৱেষকসকলে। এই উচ্চতা ঘাইকৈ বৃদ্ধি পাব গ্লেচিয়াৰসমূহ আৰু বৰফখণ্ডসমূহ গলাৰ ফলত। সমুদ্ৰপৃষ্ঠত এক ছেণ্টিমিটাৰ উচ্চতা বৃদ্ধি পালেই প্ৰায় দহ লাখ লোক গৃহহীন হৈ পৰাৰ ধাৰণা কৰা হৈছে।

আনহাতে, এই হাৰত বৰফ গলিবলৈ ধৰিলে সৃষ্টি হ’ব আন এক ভয়ংকৰ সমস্যাৰ। ইয়াৰ ফলত ছ'লাৰ ৰেডিয়েচন প্ৰতিফলিত কৰি পুনৰ মহাকাশলৈ ঠেলি দিয়াৰ পৃথিৱীৰ ক্ষমতা হ্ৰাস পাব। বৰফসমূহ গলি যোৱাৰ পিছত মুকলি হৈ পৰা মাটিসমূহে অধিক তাপ শোষণ কৰিব। ফলত পৃথিৱীখন অধিক গৰম হৈ পৰিব।

গ্লেচিয়াৰসমূহ আৰু বৃহৎ বৰফখণ্ডসমূহ গলি তাৰ পৰা নিৰ্গত হোৱা শীতল নিৰ্মল পানীয়ে মেৰু অঞ্চলৰ জলজ পৰিৱেশত বিৰূপ প্ৰভাৱ পেলাব। লগতে প্ৰভাৱ পৰিব জনসাধাৰণে নিৰ্ভৰ কৰি থকা নিৰ্মল পানীৰ উৎসসমূহৰ ওপৰত। ইয়াৰ লগতে সমুদ্ৰ আৰু পাৰিপাৰ্শ্বিক উষ্ণতা বৃদ্ধি পাব। এইবোৰৰ প্ৰভাৱ ইতিমধ্যে আমি প্ৰত্যক্ষ কৰিছো। কাৰণ এই উষ্ণতা বৃদ্ধিৰ ফলতে বৃহৎ পৰিমাণৰ বৰফ ইতিমধ্যে গলিছে।

সমুদ্ৰৰ উষ্ণতা বৃদ্ধিৰ ফলতে এণ্টাৰ্কটিকাত বৃহৎ বৃহৎ বৰফখণ্ড গলিছে। বায়ুমণ্ডলীয় উষ্ণতা বৃদ্ধিৰ ফলত হিমালয়ত বৰফ গলিছে। গ্ৰীনলেণ্ডত সাগৰীয় উষ্ণতা আৰু বায়ুমণ্ডলীয় উষ্ণতা এই দুয়োবিধ কাৰকৰ ফলতে বৰফ গলাৰ ধাৰা অব্যাহত আছে।

কিন্তু মূল সমস্যাটো হ’ল কোভিড–১৯ৰ দৰে কোনো ভেকচিন বা ঔষধেৰে এই সমগ্ৰ বিশ্বতে বিৰূপ প্ৰভাৱ পেলাবলৈ যোৱা সমস্যাৰ সমাধান কৰাটো সম্ভৱ নহয়। ইয়াৰ বাবে আমি আমাৰ বহু অভ্যাস সলনি কৰিব লাগিব। সকলো একগোট হৈ গোলকীয় উষ্ণতা বৃদ্ধিৰ বিৰুদ্ধে যুজঁ দিব লাগিব। অন্যথা অনাগত দিনসমূহ অতিকৈ কষ্টকৰ হৈ পৰাটো নিশ্চিত।
Published by: Sanjay Kumar Das
First published: September 2, 2020, 11:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading