এটা পৰম্পৰা ৰক্ষাৰ বাবে এদিনতে প্ৰাণ দিবলগীয়া হৈছে ১৪০০ৰো অধিক ডলফিনে। ডেনমাৰ্কৰ অধীনৰ ফাৰো দ্বীপ (Faroe Islands)ত পুৰণি পৰম্পৰাগত (Old Tradition) প্ৰথা অনুযায়ী ১৪২৮টা সাগৰীয় ডলফিন নিধন কৰা হৈছে।
এই ঘটনাই সমগ্ৰ বিশ্বকে স্তম্ভিত কৰাই নহয় ইয়াৰ বিৰুদ্ধে বিশ্বৰ আগশাৰীৰ পৰিৱেশবিদে প্ৰতিবাদো আৰম্ভ কৰিছে। এটা পৰিৱেশ কৰ্মীৰ গোটে সাগৰৰ কাষত মৃত অৱস্থাত পৰি থকা শ শ ডলফিনৰ ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছতে ফাৰো দ্বীপত চলা নাৰকীয় ঘটনা পোহৰলৈ আহে।
উল্লেখ্য ডেনমাৰ্কৰ অধীন স্বায়ত্তশাসিত অঞ্চল ফাৰো দ্বীপত অনুষ্ঠিত 'গ্ৰিণ্ড' নামৰ এক পৰম্পৰাগত চিকাৰ অনুষ্ঠানৰ সময়ত ডলফিন চিকাৰ কৰি নিধন কৰা হৈছিল। এনিমেল ৱেলফেয়াৰ গোট শ্বী শ্বেফাৰ্ডে ১২ ছেপ্টেম্বৰত ডলফিন চিকাৰৰ ফটো–ভিডিঅ' শ্বেয়াৰ কৰিছিল।
তাত লিখা হয় যে চিকাৰীসকলে প্ৰথমে ডলফিনৰ জাকবোৰ ঘেৰি ধৰে আৰু পিছত অগভীৰ পানীৰ ফালে লৈ গৈ চোকা অস্ত্ৰৰে নিষ্ঠুৰভাৱে বধ কৰিছিল। ডলফিনবোৰৰ পৰা ইমানে তেজ ওলাইছিল যে সাগৰৰ পাৰ সম্পূৰ্ণৰূপে ৰঙা হৈ পৰিছিল।
উল্লেখ্য, শ শ বছৰ আগৰে পৰা চলি অহা এই অনুষ্ঠানটো আইনীভাৱে বৈধ যদিও সাগৰীয় জীৱৰ ওপৰত ইমান নিৰ্মমতাক স্বীকৃতি দিব পৰা নাযায় বুলি উল্লেখ কৰে এনিমেল ৱেলফেয়াৰ গোটটোৱে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|