মুখ্যপৃষ্ঠা »খবৰ »বিশ্ব »Maya Civilization: মেক্সিকোত উদ্ধাৰ মায়া সভ্যতাৰ সময়ৰ নাও

Maya Civilization: মেক্সিকোত উদ্ধাৰ মায়া সভ্যতাৰ সময়ৰ নাও

'মায়া ট্ৰেইন' নামৰ এটা প্ৰকল্পৰ কাম কৰি থাকোঁতে ইয়াক উদ্ধাৰ কৰা হয়।

'মায়া ট্ৰেইন' নামৰ এটা প্ৰকল্পৰ কাম কৰি থাকোঁতে ইয়াক উদ্ধাৰ কৰা হয়।

'মায়া ট্ৰেইন' নামৰ এটা প্ৰকল্পৰ কাম কৰি থাকোঁতে ইয়াক উদ্ধাৰ কৰা হয়।

  • Share this:

প্ৰত্নতাত্ত্বিকসকলে মেক্সিকোত হাজাৰ বছৰ পুৰণি মায়া সভ্যতাৰ সময়ত ব্যৱহূত নাৱৰ টিং উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। দেশত এটা মুখ্য ৰে'ল সংযোগৰ কাম কৰাৰ সময়ত অতি সুৰক্ষিত অৱস্থাত ইয়াৰ সন্ধান পোৱা যায়। এই তথ্য দেশৰ ৰাষ্ট্ৰীয় নৃতত্ত্ব আৰু ইতিহাস প্ৰতিষ্ঠান (INAH)ৰ দ্বাৰা জনোৱা হৈছে।


পানীৰ তলৰ পুৰাতত্ত্বৰ ওপৰত কাম কৰি থকা আইএনএএইচ গৱেষকৰ এটা দলে মেক্সিকোৰ দক্ষিণত য়ুকাটান আৰু কুইন্টানা ৰাজ্যৰ মাজৰ অঞ্চলটোৰ এটা ভূগৰ্ভস্থ নদীত প্ৰাক-হিস্পানিক যুগৰ নাৱৰ টিং আৱিষ্কাৰ কৰে। ভূগৰ্ভস্থ নদীখনৰ নাম চিনোট, এয়া মায়া নিৱাসীসকলৰ বাবে এক পৱিত্ৰ স্থান আছিল।


'মায়া ট্ৰেইন' নামৰ এটা প্ৰকল্পৰ কামৰ সময়ত ইয়াক উদ্ধাৰ কৰা হয়। পুৰাতাত্ত্বিক বিশেষজ্ঞৰ মতে, এই সৰু নাওখন চিনোটৰ পৰা পানী আহৰণ কৰিবলৈ বা ধৰ্মীয় ৰীতি-নীতিৰ সময়ত নৈবেদ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।

শেহতীয়া বাতৰি