বিশ্বকাপত ৮৭বছৰীয়া ভাৰতীয় ফেন চাৰুলতাৰ সকলো টিকট স্পনছৰ কৰিব আনন্দ মহিন্দ্ৰাই

ষ্টেডিয়ামৰ পৰা কোহলী বাহিনীৰ সমৰ্থন, নৃত্য আৰু পেঁপা বজাই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিছে ৮৭বছৰীয়া মহিলাগৰাকীয়ে।  কেমেৰাই বাৰে বাৰে দেখুৱা মহিলাগৰাকীৰ সৈতে সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিছিল ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে। 

News18-Assam
Updated:July 3, 2019, 1:25 PM IST
বিশ্বকাপত ৮৭বছৰীয়া ভাৰতীয় ফেন চাৰুলতাৰ সকলো টিকট স্পনছৰ কৰিব আনন্দ মহিন্দ্ৰাই
ষ্টেডিয়ামৰ পৰা কোহলী বাহিনীৰ সমৰ্থন, নৃত্য আৰু পেঁপা বজাই ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিছে ৮৭বছৰীয়া মহিলাগৰাকীয়ে।  কেমেৰাই বাৰে বাৰে দেখুৱা মহিলাগৰাকীৰ সৈতে সুন্দৰ মুহূৰ্ত শ্বেয়াৰ কৰিছিল ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলীয়ে। 
News18-Assam
Updated: July 3, 2019, 1:25 PM IST
বিশ্বকাপত ভাৰত–বাংলাদেশৰ মেচত বিৰাট কোহলী আৰু টীমে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ যি আনন্দ সেই আনন্দক স্বতঃস্ফূৰ্ত ৰূপত তুলি ধৰিছে এগৰাকী বয়োবৃদ্ধাৰ ক্ৰিকেট প্ৰেমে। অশীতিপৰ বয়োবৃদ্ধাগৰাকীৰ ক্ৰিকেটক লৈ উৎসাহে ভাৰতসহ বিশ্বৰ অসংখ্য ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিছে। ৮৭বছৰীয়া চাৰুলতা পেটেলৰ এই উত্‍সাহত মুগ্ধ সমগ্ৰ বিশ্ব। ষ্টেডিয়ামত কোহলীবাহিনীৰ সমৰ্থন, আনন্দৰ নৃত্য, পেঁপা বজোৱা এই মহিলাগৰাকীৰ তৰুণ মনৰ প্ৰশংসাত পঞ্চমুখ সকলো। কোনে ক’ব তেওঁৰ বয়স ৮৭বছৰ বুলি! খেলৰ মাজে মাজে কেমেৰাই বাৰে বাৰে ধৰা পেলালে চাৰুলতা পেটেলৰ এই আনন্দ।

ভাৰতৰ এই প্ৰবীণ ক্ৰিকেট ভক্ত কম সময়ৰ ভিতৰতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল। ৰঙীণ স্কাৰ্ফ, হাতত হালধীয়া পেঁপা এহাতে আৰু জাতীয় পতাকা আনহাতে লৈ দেশৰ জয় উদযাপন কৰিলে চাৰুলতা পেটেলে। ভাৰতৰ এই প্ৰবীণ ক্ৰিকেট ভক্তগৰাকীয়ে দেশৰ অসংখ্য লোকৰ লগতে মন কাঢ়ি নিলে উদ্যোগপতি আনন্দ মহিন্দ্ৰাৰ। মহিন্দ্ৰা গোষ্ঠীৰ চেয়াৰমেন জনে ইতিমধ্যে চাৰুলতা পেটেলক স্পনছৰ কৰাৰ কথা প্ৰকাশ কৰিছে।



টুইটাৰত আনন্দ মহিন্দ্ৰাই লিখিছে, শেষ অভাৰত যি যি নাটকীয়কতাৰ প্ৰয়োজন সকলো দেখা পালো, চাব্বাছ ভাৰত, এই খেল জিকোৱা মহিলাগৰাকী যেন ছেমিফাইনেল আৰু ফাইনেলতো থাকে, তেওঁক বিনামূলীয়া টিকট দিয়া হওক।


আৰু চাওক পৰৱৰ্তী বাতৰি