নতুন নিয়ম! গুহ্যদ্বাৰৰ পৰা লোৱা হ'ব স্বাৱ, এনেকৈহে কোৰোণাৰ আচল ৰিজাল্ট ওলোৱাৰ দাবী

চীনৰ ছিউল চহৰত কোৰোণাৰ বাধ্যতামূলক পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
চীনৰ ছিউল চহৰত কোৰোণাৰ বাধ্যতামূলক পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।
- News18 Assam
- Last Updated: January 28, 2021, 10:58 PM IST
কিছুদিন পূৰ্বে কোৰোণাৰ নতুন প্ৰট'কলৰ ওপৰত চীনৰ মিডিয়াই বিশদ ভাবে বাতৰি প্ৰকাশ কৰিছিল। কোৰোণাৰ সন্দৰ্ভত বহল ভাবে আলোচনা কৰা বা সজাগতাৰ ব্যৱস্থা কৰা হৈছে। কোৰোণাৰ পৰা সুস্থ হৈ উঠা সকলকো পুনৰ কোৰোণাৰ পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্যম 'ৱাশ্বিংটন পোষ্ট'ত প্ৰকাশিত বাতৰি মতে, চীনৰ এটা চিকিৎসকৰ দলে মন্তব্য কৰিছে কোৰোণা পৰীক্ষাৰ এক নতুন পদ্ধতিৰ ওপৰত। আৰু এনে পৰীক্ষাৰ ব্যৱস্থা কোৱাৰেণ্টাইন চেণ্টাৰত কৰাব লাগে বুলি মন্তব্য কৰিছে।