বয়ফ্ৰেণ্ডৰ সৈতে ‘চুটি কাপোৰ’ পৰিধান কৰি ৰেষ্টুৰেণ্টলৈ গৈছিল মহিলা, ৱেটাৰে কৰিলে বহিষ্কাৰ

মহিলাগৰাকীৰ এই ফেচবুক পোষ্ট অত্যন্ত ভাইৰেল হৈছে।
মহিলাগৰাকীৰ এই ফেচবুক পোষ্ট অত্যন্ত ভাইৰেল হৈছে।
- News18 Assam
- Last Updated: December 28, 2020, 5:38 PM IST
চুটি কাপোৰ!
ইটালীৰ মাৰ্টিনা কোৰেডী নামৰ এইমহিলাগৰাকীয়ে পিছত এই ঘটনাৰ সন্দৰ্ভত কৈছে যে,
ডেলী ষ্টাৰৰ ৰিপৰ্ট অনুসৰি, মাৰ্টিনাই সেই ৰেষ্টুৰেণ্টখনলৈ এটা গ্ৰে’ কালাৰৰ টপ পৰিধান কৰি গৈছিল। নিজৰ বয়ফ্ৰেণ্ডৰ সৈতে তেওঁ যেতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ সোমাই গ’ল, তেতিয়া এগৰাকী ষ্টাফ মেম্বাৰে তেওঁক সেইধৰণৰ ড্ৰেছ পৰিধান কৰি অহাৰ বাবে ৰেষ্টুৰেণ্টখনৰ
পৰা আঁতৰি যাবলৈ ক’লে। মাৰ্টিনাই এটা ফেচবুক পোষ্টত কৈছে যে, ‘এই ঘটনাই মোক বহুত লাজত পেলালে। সেইসময়ত খঙো উঠিছিল, কিন্তু কোনো মন্তব্য নকৰি সেই ঠাইৰ পৰা আঁতৰি আহিছিলো।’
মহিলাগৰাকীয়ে লগতে লিখিছে যে যেতিয়াই তেওঁ ৱেটাৰজনৰ ওচৰলৈ গৈছিল, তেতিয়া ৱেটাৰজনে মহিলাগৰাকীয়ে পৰিধান কৰা পোছাক সঠিক নহয় বুলি কোৱাৰ লগতে তেনে পোছাক পৰিধান কৰি ৰেষ্টুৰেণ্টলৈ অহাৰ অনুমতি নাই বুলি জনায়। পিছত মহিলাগৰাকীয়ে মেনেজাৰক এই বিষয়ে আপত্তি দিয়ে যদিও, মেনেজাৰগৰাকীয়ে ৱেটাৰগৰাকীকহে সমৰ্থন কৰে।