কোভিডৰ কেন্দ্ৰ বা হাস্পতালৰ পৰা পলোৱাৰ ঘটনা নতুন নহয়। অসমত এই ঘটনা বহুকেইটা ঘটিছে, কিন্তু কিছুমান ঠাইত এনে ঘটনা সাধাৰণতে ঘটিব পাৰে বুলি ভবা নাযায়। অথচ ঘটিল অষ্ট্ৰেলিয়াত, যাক লৈ চিএনএনে বাতৰিও কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। অৱশ্যে লোকগৰাকী কোভিড ৰোগী নাছিল।
তেওঁক কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছিল। লোকগৰাকীয়ে অষ্ট্ৰেলিয়াৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা পলায়ন কৰে সোমবাৰে নিশা। পশ্চিম অষ্ট্ৰেলিয়াৰ এখন আৱাসিক হোটেলৰ চতুৰ্থ মহলাৰ পৰা পলাই গৈছিল ৩৯ বছৰীয়া যুৱকজনে। চিএনএনৰ প্ৰতিবেদন অনুসৰি, মানুহজনে ব্ৰিছবেনৰ পৰা পশ্চিম অষ্ট্ৰেলিয়াত উপস্থিত হৈছিল। স্থানীয় আৰক্ষীয়ে কোৰোনা প্ৰতিৰোধৰ বাবে কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ সময়ত ৰাজ্যখনত প্ৰৱেশ কৰাৰ প্ৰয়োজনীয় নথিপত্ৰ প্ৰদৰ্শন কৰাত বিফল হোৱাৰ বাবে তেওঁক কোৱাৰেণ্টাইন কেন্দ্ৰ ৰূপে থকা এখন হোটেললৈ প্ৰেৰণ কৰিছিল।
তেওঁক ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্য এৰি যাবলৈও নিৰ্দেশ দিয়া হৈছিল। কিন্তু মানুহজনে ল'লে অন্য পথ। সেইকাৰণে তেওঁ বিছনা চাদৰেৰে এডাল ৰছী তৈয়াৰ কৰে আৰু মাজনিশা চতুৰ্থ মহলাৰ পৰা নামি পলায়ন কৰে। অৱশ্যে দাতাই দিলেও বিধাতাই নিদিয়াৰ দৰে হ'ল তেওঁৰো অৱস্থা। পিছদিনা তেওঁ পুনৰ ধৰা পৰে।
উল্লেখ্য, কোৰোনা ভাইৰাছ মহামাৰীৰ বাবে বিদেশী নাগৰিকৰ প্ৰৱেশ প্ৰতিহত কৰিবলৈ যোৱা বছৰৰ পৰা সকলো অষ্ট্ৰেলিয়াৰ সীমা বন্ধ কৰি দিয়া হৈছে। যদি কোনোবাই বিশেষ প্ৰয়োজনীয়তাৰ বাবে প্ৰৱেশ কৰিব বিচাৰে, তেওঁ নিজৰ ব্যয়ত দুসপ্তাহৰ বাবে বাধ্যতামূলক সংৰক্ষণত থাকিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|