লোকজনৰ বয়স ৮০। এই বয়সত তীব্ৰ যৌন তাড়না আৰম্ভ হৈছিল লোকজনৰ।কিন্তু শাৰীৰিক সক্ষমতা নাছিল। গতিকে যৌন সম্পৰ্ক স্থাপন কৰাৰ পূৰ্বে যৌন উদ্দীপক ঔষধ খাইছিল লোকজনে। আৰু তাৰ পিছতে উপস্থিত হ'লগৈ পত্নীৰ ঘৰত। কিন্তু তেতিয়াই ঘটিল আশ্বৰ্যজনক ঘটনা। পত্নীৰ সৈতে যি কৰিলে সেই বৃদ্ধ জনে, দেখি হতবাক হৈ পৰিল আৰক্ষীৰ লগতে স্থানীয় লোক।
ভিটো কানগিনি নামৰ সেই বৃদ্ধ জনে আৰক্ষীক জনাইছে যে, তেওঁ যৌন অক্ষমতাৰ সমস্যাত ভুগিছিল। সেই কাৰণেই নিয়মিত ভাবে যৌন উত্তেজনা বৃদ্ধিৰ ঔষধ সেৱন কৰিছিল। সেইদিনাও তেওঁ সেই ঔষধেই খাইছিল।পত্নীয়ে কথা দিছিল যে, ঔষধ খোৱাৰ পিছত বৃদ্ধজনৰ সৈতে যৌন সম্পৰ্কত লিপ্ত হ'ব। সেই মতে ঔষধ খাই ঘৰত উপস্থিত হৈছিল। কিন্তু তাৰ পিছতে পত্নীৰ আচৰণ দেখি ক্ষুদ্ধ হৈ পৰিল লোকজন।
সেইসময়ত পত্নীয়ে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰে। আৰু তেতিয়াই পত্নীৰ সৈতে ভিটোৰ তৰ্কা-তৰ্কিৰ সৃষ্টি হয়। ভিটোৱে প্ৰতিদিনেই পত্নীক দোষাৰূপ কৰি আহিছিল। পত্নী তেওঁৰ বছৰ প্ৰতিহে আকৰ্ষিত বুলি সন্দেহ কৰিছিল। এনে পৰিস্থিতিত বিবাদে চৰম সীমা অতিক্ৰম কৰে।
পিছদিনা স্বাভাৱিক ভাবেই দেখা গৈছিল ভিটোক। স্বাভাৱিক ভাবে পুৱা নিজৰ কুকুৰ ৰাজপথলৈ লৈ গৈ প্ৰতিবেশীক কয় যে, পত্নীক তেওঁ হত্যা কৰিছে। কিন্তু প্ৰতিবেশীয়ে এই কথা বিশ্বাস কৰা নাছিল। আৰু তাৰ পিছতে পত্নীৰ বছক ফোন কৰি ক্ষোভ প্ৰকাশ কৰে বৃদ্ধ জনে। আৰু সেই বছেই শেষত ফোন কৰে আৰক্ষীক। আৰু আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|