অমিতাভ বচ্চনৰ টুইটাৰ একাউণ্ট হেক কৰিলে পাকিস্তানে!

হেকাৰে হেক কৰি বিগ বিৰ একাউণ্টৰ পৰা কেইবাটাও টুইটো কৰিছে।

news18assam
Updated:June 11, 2019, 9:12 AM IST
অমিতাভ বচ্চনৰ টুইটাৰ একাউণ্ট হেক কৰিলে পাকিস্তানে!
হেকাৰে হেক কৰি বিগ বিৰ একাউণ্টৰ পৰা কেইবাটাও টুইটো কৰিছে।
news18assam
Updated: June 11, 2019, 9:12 AM IST
বলীউদৰ বিগ বি অমিতাভ বচ্চনৰ টুইটাৰ একাউণ্ট হেক। হেকাৰে অমিতাভ বচ্চনৰ টুইটাৰ একাউণ্টৰ প্ৰফাইল ফটো সলনি কৰি লগালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো। ইয়াৰ লগতে অভিনেতাগৰাকীৰ ব্যক্তিগত বিৱৰণৰো সালসলনি কৰা হৈছে। টুইটাৰ বায়’ত লিখা হৈছে LOVE PAKISTAN। বৰ্তমানলৈ বচ্চনৰ টুইটাৰ একাউণ্ট কোনে হেক কৰিছে সেই সম্পৰ্কে জানিব পৰা নাই যদিও পাকিস্তানৰ হেকাৰৰ হাত থকাৰ সন্দেহ কৰা হৈছে।

এই সমগ্ৰ ঘটনা টাৰ্কিছ হেকাৰ গ্ৰুপ আয়লদিজ টীমে কৰাৰ অভিযোগ উঠিছে। হেকাৰে হেক কৰি বিগ বিৰ একাউণ্টৰ পৰা কেইবাটাও টুইটো কৰিছে। ইয়াৰ ভিতৰত প্ৰথমটো মেছেজত লিখিছে যে এয়া বিশ্বৰ বাবে এক গুৰুত্বপূৰ্ণ বাৰ্তা। আমি আইচলেণ্ড ৰিপাব্লিকৰ তৰফৰ পৰা টাৰ্কিছ ফুটবলাৰসকলৰ সৈতে কৰা ব্যৱহাৰৰ ঘটনাক গৰিহণা দিছো। আমি মৰমৰ ভাষা বুজো, কিন্তু ডাঙৰ কাম কৰো আৰু ইয়াত আপোনাক জনাও যে এটা ডাঙৰ চাইবাৰ আক্ৰমণ হ’বলৈ গৈ আছে। এয়া আয়লদিজ টীম টাৰ্কিছ চাইবাৰ আৰ্মীয়ে কৰিব।



হেকাৰৰ গ্ৰুপটোৱে ইয়াৰ পিছতে দ্বিতীয়টো টুইটত লিখিছে যে ভাৰতত ৰমজানৰ সময়তো মুছলমানৰ ওপৰত আক্ৰমণ কৰা হৈছে। আজিৰ দিনতো উম্মাহ মহম্মদৰ ওপৰত এনেধৰণৰ আক্ৰমণ চলিছে।

এই চাইবাৰ আক্ৰমণৰ পিছত মুম্বাই আৰক্ষীৰ প্ৰেছ উপদেষ্টাই কয় যে আমাৰ চাইবাৰ গোট আৰু মহাৰাষ্ট্ৰ চাইবাৰক এই সম্পৰ্কত জনোৱা হৈছে যে অমিতাভ বচ্চনৰ টুইটাৰ একাউণ্ট হেক কৰা হৈছে। ঘটনাৰ তদন্ত অব্যাহত আছে। অৱশ্যে কেইবাঘণ্টাৰ পিছত ৰিক’ভাৰ হয় অমিতাভ বচ্চনৰ টুইটাৰ একাউণ্টটো।
আৰু চাওক পৰৱৰ্তী বাতৰি