পাকিস্তানৰ ওপৰত আৰু এক ষ্ট্ৰাইক, ফলাফলো পূৰ্বৰ দৰেই : অমিত শ্বাহ

News18-Assam
Updated:June 17, 2019, 8:13 AM IST
পাকিস্তানৰ ওপৰত আৰু এক ষ্ট্ৰাইক, ফলাফলো পূৰ্বৰ দৰেই : অমিত শ্বাহ
কোহলী বাহিনীৰ সন্মুখত দিশহাৰা হৈ পৰিছিল পাকিস্তান। বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এয়া আছিল ভাৰতৰ সপ্তম জয়।

কোহলী বাহিনীৰ সন্মুখত দিশহাৰা হৈ পৰিছিল পাকিস্তান। বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এয়া আছিল ভাৰতৰ সপ্তম জয়।

  • Share this:
বিশ্বকাপত দেওবাৰে ভাৰতে চিৰবৈৰী পাকিস্তানক ৮৯ ৰানত পৰাস্ত কৰে। কোহলী বাহিনীৰ সন্মুখত দিশহাৰা হৈ পৰিছিল পাকিস্তান। বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে এয়া আছিল ভাৰতৰ সপ্তম জয়। এই জয়ৰ পিছতে কোহলী বাহিনীক শুভেচ্ছা জনাইছে ভাৰতবাসীয়ে। ইয়াৰ মাজতে চৰ্চালৈ আহিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ এটা টুইট।

অমিত শ্বাহে ভাৰতৰ জয়ৰ পিছতে টুইট কৰি কয় – পাকিস্তানৰ ওপৰত টীম ইণ্ডিয়াৰ আন এক ষ্ট্ৰাইক আৰু ফলাফলো পূৰ্বৰ দৰেই। সুন্দৰ প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দনো জ্ঞাপন কৰে অমিত শ্বাহে। প্ৰতিগৰাকী ভাৰতীয়ই এই বিজয়ক লৈ গৌৰৱ অনুভৱ কৰিছে বুলিও মন্তব্য কৰে শ্বাহে।

 


আৰু চাওক
পৰৱৰ্তী বাতৰি