• Home
  • »
  • News
  • »
  • world
  • »
  • PM Imran Khan: যুদ্ধৰ উত্তেজনাৰ মাজতে ৰাছিয়ালৈ পাকিস্তানৰ PM ইমৰাণ খান, পুটিনৰ সৈতে বহিব আলোচনাত

PM Imran Khan: যুদ্ধৰ উত্তেজনাৰ মাজতে ৰাছিয়ালৈ পাকিস্তানৰ PM ইমৰাণ খান, পুটিনৰ সৈতে বহিব আলোচনাত

PM Imran Khan Flies to Moscow:  ২৩ বছৰত এজন পাকিস্তানী প্ৰধানমন্ত্ৰীৰ ৰাছিয়ালৈ এয়া প্ৰথমটো চৰকাৰী ভ্ৰমণ।

PM Imran Khan Flies to Moscow: ২৩ বছৰত এজন পাকিস্তানী প্ৰধানমন্ত্ৰীৰ ৰাছিয়ালৈ এয়া প্ৰথমটো চৰকাৰী ভ্ৰমণ।

PM Imran Khan Flies to Moscow: ২৩ বছৰত এজন পাকিস্তানী প্ৰধানমন্ত্ৰীৰ ৰাছিয়ালৈ এয়া প্ৰথমটো চৰকাৰী ভ্ৰমণ।

  • Share this:
ইউক্ৰেইন-ৰাছিয়াৰ মাজত যুদ্ধৰ উত্তেজনাৰ সময়তে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান বুধবাৰৰ পৰা দুদিনীয়াকৈ ওলাইছে ৰাছিয়া ভ্ৰমণৰ বাবে। এই সময়ছোৱাত তেওঁ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে আলোচনাত বহিব কাইলৈ বৃহস্পতিবাৰে। ইমৰাণ খানৰ ৰুছ ভ্ৰমণে কেইবাটাও দিশলৈ আঙুলিয়াই দিছে। কিয়নো যোৱা ২৩ বছৰত এজন পাকিস্তানী প্ৰধানমন্ত্ৰীৰ ৰাছিয়ালৈ এয়া প্ৰথমটো চৰকাৰী ভ্ৰমণ।

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে সোমবাৰে এক বিবৃতিত পুটিনৰ (Vladimir Putin) আমন্ত্ৰণত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত ৰাছিয়ালৈ চৰকাৰী ভ্ৰমণ কৰাৰ কথা কৈছিল। প্ৰধানমন্ত্ৰীৰ সৈতে তেওঁৰ মন্ত্ৰীসভাৰ সহকৰ্মীসকলৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলেও ৰাছিয়ালৈ গমন কৰিছে।

ইমৰাণ খানে (Pakistan PM Imran Khan) মস্কোলৈ গৈ পশ্চিমলৈ কি সংকেত দিছে?
ইমৰাণ খানৰ ৰাছিয়া ভ্ৰমণ তেওঁৰ চীন ভ্ৰমণৰ কেইসপ্তাহমান পিছৰ কাৰ্যসূচী। বেইজিং শীতকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল খানে। উল্লেখ্য, তাত তেওঁ ৰাষ্ট্ৰপতি জি জিনপিঙকে (President Xi Jinping) ধৰি শীৰ্ষ চীনা নেতৃত্বৰ সৈতে আলোচনা কৰিছিল। ৰাষ্ট্ৰপতি পুটিনো অনুষ্ঠানটোত উপস্থিত আছিল। ৰাছিয়া আৰু ইউক্ৰেইনৰ (Russia-Ukraine conflict) মাজৰ উত্তেজনাৰ সময়ত পাক প্ৰধানমন্ত্ৰী খানৰ মস্কো ভ্ৰমণ পশ্চিমৰ বাবে এক স্পষ্ট সংকেত হিচাপে গণ্য কৰা হৈছে।

ৰাছিয়া ভ্ৰমণ সন্দৰ্ভত ইমৰাণ খানে অৱশ্যে জনাই যে তেওঁৰ ৰাছিয়া ভ্ৰমণৰ  মূল কাৰণ অৰ্থনৈতিক তথা ব্যৱসায়িক লেনদেন সম্পৰ্কীয়।  তথাপি ইউক্ৰেইনক লৈ ৰাছিয়া আমেৰিকাৰে ধৰি বিভিন্ন দেশৰ পৰা নিষেধাজ্ঞাৰ সন্মুখীন হোৱাৰ সময়তে পাকিস্তানৰ  প্ৰধানমন্ত্ৰীগৰাকীৰ ৰাছিয়া ভ্ৰমণে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি