ডেলাৱেৰত জো বাইডেনৰ আছে এটা ঘৰ। তাতেই এখন পাৰ্কত পত্নী জিল বাইডেনৰ সৈতে চাইকেল চলাইছিল তেওঁ।
ডেলাৱেৰত জো বাইডেনৰ আছে এটা ঘৰ। তাতেই এখন পাৰ্কত পত্নী জিল বাইডেনৰ সৈতে চাইকেল চলাইছিল তেওঁ।
সপ্তাহৰ ছুটিত পত্নী জিল বাইডেনৰ সৈতে ডেলাৱেৰত নিজৰ ঘৰৰ সমীপতে চাইকেল লৈ ওলাই গৈছিল মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন। আৰু সেই চাইকেল যাত্ৰাতে ঘটিল অথন্তৰ। দেহৰ ভাৰসাম্য হেৰুৱাই বাগৰি পৰিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। অৱশ্যে তেওঁ কোনো আঘাত পোৱা নাই।
মাৰ্কিন ৰাষ্ট্ৰপতিৰ চাইকেলৰ পৰা বাগৰি পৰাৰ এই ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে। শনিবাৰে পুৱা এই ঘটনা সংঘটিত হয়। অৱশ্যে পৰি যোৱাৰ লগে লগে নিজকে চম্ভালি লয় ৭৯ বছৰীয়া জো বাইডেনে। সকলোকে কয়, ‘মই ঠিকে আছো’।
জানিব পৰা মতে, ডেলাৱেৰত জো বাইডেনৰ আছে এটা ঘৰ। তাতেই এখন পাৰ্কত পত্নী জিল বাইডেনৰ সৈতে চাইকেল চলাইছিল তেওঁ। ৰাষ্ট্ৰপতিক চাইকেল চলোৱা দেখি বহু লোক গোট খায়। তেওঁলোকক দেখি চাইকেল ৰখাবলৈ বিচাৰিছিল বাইডেনে। তেতিয়াই শৰীৰৰ ভাৰসাম্য হেৰুৱাই বাগৰি পৰে বাইডেন।
পিছত হোৱাইট হাউছৰ এজন বিষয়াই জনায়, ‘ৰাষ্ট্ৰপতিগৰাকীৰ চিকিৎসাৰ কোনো প্ৰয়োজন হোৱা নাই। দিনটোৰ বাকী সময় পৰিয়ালৰ সৈতেই কটাব বাইডেনে।’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|