ইৰাণৰ সৈতে সংঘাত তুংগত উঠাৰ মাজতে বুধবাৰে ৰাষ্ট্ৰক সম্বোধন কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে কয় – যেতিয়ালৈকে মই আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থাকিম, তেতিয়ালৈকে ইৰাণ পৰমাণু শক্তিসম্পন্ন ৰাষ্ট্ৰ হ’ব নোৱাৰে। ইৰাণী নেতৃত্ব আৰু তাৰ জনসাধাৰণক উদ্দেশ্যি ট্ৰাম্পে কয় – আমি আপোনালোকৰ সুন্দৰ ভৱিষ্যৎ বিচাৰো, আমেৰিকাই শান্তি বিচাৰে।
ৰাষ্ট্ৰক সম্বোধন কৰি ট্ৰাম্পে কয় যে যেতিয়ালৈকে ইৰাণে সন্ত্ৰাসবাদক উচতনি দি থাকিব তেতিয়ালৈ পশ্চিম এছিয়াত শান্তি বিৰাজ নকৰে। ইৰাণ নৰম হ’লে সকলো পক্ষৰ বাবেই ভাল। ইৰাণৰ দ্বাৰা সংঘটিত কৰা আক্ৰমণত আমেৰিকাৰ কোনো সৈন্য হতাহত হোৱা নাই বুলিও মন্তব্য কৰে ট্ৰাম্পে। ট্ৰাম্পে কয় যে পূৰ্বে এই আক্ৰমণৰ আশংকা কৰা হৈছিল আৰু পূৰ্বৰ সকীয়নিৰ বাবে বনোৱা ছিষ্টেমে সুন্দৰ কাম দিছে।
‘সন্ত্ৰাসবাদক উৎসাহ দিয়া দেশসমূহৰ ভিতৰত ইৰাণ অন্যতম। ইৰাণী সন্ত্ৰাসবাদী ছুলেমানীক মোৰ নিৰ্দেশতে হত্যা কৰা হৈছে। ছুলেমানীয়ে গৃহ যুদ্ধ, সন্ত্ৰাসবাদী কাৰ্যকলাপ, ইৰাকত আমেৰিকাৰ দূতাবাসত আক্ৰমণ আৰু সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়াৰ দৰে বহু কামত জড়িত। কেতিয়াবাই হত্যা কৰিব লাগিছিল ছুলেমানীক।’– ৰাষ্ট্ৰক সম্বোধন কৰি এই মন্তব্য ট্ৰাম্পৰ।
‘ইৰাণে শীঘ্ৰে সন্ত্ৰাসবাদক উৎসাহ যোগোৱা কাৰ্য বন্ধ কৰিব লাগিব। ইৰাণ এখন সুন্দৰ দেশ হ’ব পাৰে আৰু মধ্য প্ৰাচ্যৰ দেশসমূহত শান্তিৰ বাবে ইৰাণৰ শুধৰণিৰ প্ৰয়োজন।’ – মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ। ট্ৰাম্পে কয় – এতিয়া আমি তেল–প্ৰাকৃতিক গেছৰ সৰ্বাধিক উৎপাদনকাৰী দেশ আৰু আমাক মধ্য প্ৰাচ্যৰ দেশৰ তেল নালাগে।
NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|