ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৯জনৰ মৃত্যু, নিহত প্ৰখ্যাত বাস্কেটবল খেলুৱৈ

News18 Assam | News18-Assam
Updated:January 27, 2020, 9:54 AM IST
ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৯জনৰ মৃত্যু, নিহত প্ৰখ্যাত বাস্কেটবল খেলুৱৈ
ক’বে ব্ৰায়াণ্টসহ হেলিকপ্টাৰত থকা আটাইকেইজনৰে মৃত্যু হয় এই দুৰ্ঘটনাত।

ক’বে ব্ৰায়াণ্টসহ হেলিকপ্টাৰত থকা আটাইকেইজনৰে মৃত্যু হয় এই দুৰ্ঘটনাত।

  • Share this:
আমেৰিকাৰ কেলিফৰ্ণিয়াত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত আমেৰিকাৰ প্ৰখ্যাত বাস্কেটবল খেলুৱৈ ক’বে ব্ৰায়াণ্টসহ ৯জন লোকৰ মৃত্যু হয়। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, ব্ৰায়াণ্টে ব্যক্তিগত হেলিকপ্টাৰেৰে কেলাবেছেছ চহৰৰ ঊৰৰ পৰা উৰা মৰাৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন। ক’বে ব্ৰায়াণ্টসহ হেলিকপ্টাৰত থকা আটাইকেইজনৰে মৃত্যু হয় এই দুৰ্ঘটনাত। মৃতসকলৰ ভিতৰত আছিল ক’বে ব্ৰায়াণ্টৰ কন্যা গিয়ানাও।

লছ এঞ্জেলেছৰ পৰা ৬৫ কিলোমিটাৰ দূৰত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, আকাশমাৰ্গতে দপদপকৈ জ্বলি উঠে হেলিকপ্টাৰখন। তাৰ পিছতে মাটিত পৰি প্ৰচণ্ড বিস্ফোৰণ হয়।

আৰু চাওক
পৰৱৰ্তী বাতৰি