உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • US left Bagram: নিশা মনে মনে আফগানিস্তানৰ বাগৰাম ঘাটি এৰিলে আমেৰিকাৰ সেনাই, তালিবানক লৈ শংকা

    US left Bagram: নিশা মনে মনে আফগানিস্তানৰ বাগৰাম ঘাটি এৰিলে আমেৰিকাৰ সেনাই, তালিবানক লৈ শংকা

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য যোৱাৰ পিছত ৫,০০০তকৈও অধিক তালিবান বন্দীও গুচি যায়।

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য যোৱাৰ পিছত ৫,০০০তকৈও অধিক তালিবান বন্দীও গুচি যায়।

    আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য যোৱাৰ পিছত ৫,০০০তকৈও অধিক তালিবান বন্দীও গুচি যায়।

    • Share this:

    আফগানিস্তানত যুদ্ধ আৰম্ভ হোৱাৰ প্ৰায় দুই দশক পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই দেশখনৰ সৰ্ববৃহৎ বাগৰাম এয়াৰবেচ ত্যাগ কৰিছে। কিন্তু ইয়াকে লৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বাগৰাম ঘাটিত নিৰাপত্তাৰ দায়িত্বত থকা আফগান কামাণ্ডাৰে। কামাণ্ডাৰগৰাকীয়ে জনোৱা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই কাকো নোকোৱাকৈ নিশাৰ আন্ধাৰত বাগৰাম এয়াৰবেচ ত্যাগ কৰিছিল। মাৰ্কিন সেনাই বাগৰাম বিমানঘাটি ত্যাগ কৰাৰ পিছত ইয়াৰ কাৰাগাৰত বন্দী ৫,০০০ তকৈও অধিক তালিবান বন্দীও গুচি যায় বুলি জানিব পৰা গৈছে।


    ব্ৰিটিছ সংবাদ মাধ্যম বিবিচিয়ে মঙলবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, আফগানিস্তানত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা বাগৰাম পশ্চিমীয়া সেনাৰ অন্যতম প্ৰধান আৰু শক্তিশালী ঘাটি আছিল। আফগান কমাণ্ডাৰ জেনেৰেল আছাদুল্লা কোহিস্তানীয়ে কাকো নজনোৱাকৈ নিশাৰ আন্ধাৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সৈন্য প্ৰত্যাহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। আছাদুল্লাই বিবিচিক জনোৱা অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই যোৱা শুকুৰবাৰে স্থানীয় সময় অনুসৰি আবেলি ৩ বজাত বাগৰাম এৰিছিল। তেওঁলোকে বিষয়টোৰ বিষয়ে আফগান বাহিনীক অৱগত কৰা নাছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য যোৱাৰ কেইঘণ্টামান পিছতে আফগান সৈন্যই এই কথা জানিব পাৰিছিল। তাৰ পিছতে তেওঁলোকে বাগৰাম ঘাটি নিয়ন্ত্ৰণত লয়।


    আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য যোৱাৰ পিছত ৫,০০০তকৈও অধিক তালিবান বন্দী গুচি যায়। জেনেৰেল আছাদুল্লাই আশংকা প্ৰকাশ কৰি বিবিচিক কয় যে এনে পৰিস্থিতিত তালিবানে বাগৰাম ঘাটিত আক্ৰমণ কৰিব পাৰে। জেনেৰেল আছাদুল্লাই লগতে কয় যে তালিবানসকলে ওচৰৰ গাঁওবোৰত একত্ৰিত হ'বলৈ আৰম্ভ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য আৰু আফগান সেনাৰ মাজত পাৰ্থক্য আছে। এতিয়া সীমিত ক্ষমতাৰ মাজেৰে তালিবানৰ আক্ৰমণ প্ৰতিহত কৰিব লাগিব।


    উল্লেখ্য, আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যে এই বছৰৰ ১১ ছেপ্টেম্বৰৰ ভিতৰত আফগানিস্তানৰ পৰা সকলো সৈন্য প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। আগষ্টৰ শেষৰ ফালে সকলো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই আফগানিস্তান ত্যাগ কৰাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যই আফগানিস্তান এৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তালিবানসকলে দেশখনত আকৌ এবাৰ শক্তি লাভ কৰিছে, যাৰ ফলত আন এক ৰক্তাক্ত গৃহযুদ্ধৰ আশংকা আছে দেশখনত।

    Published by:Gautam Barman
    First published: