• Home
  • »
  • News
  • »
  • world
  • »
  • 'যুদ্ধ'ৰ বাবে ৰাছিয়াই চলাইছে নেকি প্ৰস্তুতি? ইউক্ৰেইন সীমান্তলৈ ১ লাখ সৈন্য প্ৰেৰণ, শংকা প্ৰকাশ আমেৰিকাৰো

'যুদ্ধ'ৰ বাবে ৰাছিয়াই চলাইছে নেকি প্ৰস্তুতি? ইউক্ৰেইন সীমান্তলৈ ১ লাখ সৈন্য প্ৰেৰণ, শংকা প্ৰকাশ আমেৰিকাৰো

 ৰাছিয়াই ২০১৪ চনত ইউক্ৰেইনৰ অংশ ক্ৰিমিয়া দখল কৰিছিল।

ৰাছিয়াই ২০১৪ চনত ইউক্ৰেইনৰ অংশ ক্ৰিমিয়া দখল কৰিছিল।

ৰাছিয়াই ২০১৪ চনত ইউক্ৰেইনৰ অংশ ক্ৰিমিয়া দখল কৰিছিল।

  • Share this:

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত উত্তেজনাময় পৰিৱেশ বৃদ্ধি পাইছে। উত্তেজনা ইমানেই বেছি হৈ পৰিছে যে দুয়োখন দেশৰ মাজত যুদ্ধৰ আশংকাই দেখা দিছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিয়ে (Volodymyr Zelenskiy) উল্লেখ কৰা মতে, ইউক্ৰেইনৰ সীমান্তৰ ওচৰত প্ৰায় ১,০০,০০০ ৰাছিয়াৰ সৈন্য গোট খাইছে।


আশংকা কৰা মতে, ৰাছিয়াই ইউক্ৰেইনৰ কিছু অংশ দখল কৰিবলৈ চেষ্টা কৰিব পাৰে। জেলেনস্কিয়ে কয় ৰাছিয়ান সেনাৰ কুচকাৱাজক লৈ পশ্চিমীয়া দেশসমূহে ইউক্ৰেইনক অৱগত কৰিছে। ৰাষ্ট্ৰপতি ভল'ডিমিৰ জেলেনস্কিয়ে কয়– 'মই আশা কৰোঁ যে সমগ্ৰ বিশ্বই এতিয়া স্পষ্টভাৱে চাব পাৰিব কোনে প্ৰকৃততে শান্তি বিচাৰে আৰু কোনে আমাৰ সীমান্তলৈ প্ৰায় ১,০০,০০০ সৈন্য প্ৰেৰণ কৰিছে।'


আনহাতে, দুদিন পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এই সম্পৰ্কে ইউৰোপৰ প্ৰতি সাৱধানবাণী শুনাই উল্লেখ কৰিছিল যে ৰাছিয়াই ইউৰোপৰ দেশ ইউক্ৰেইন দখল কৰিব পাৰে।


উল্লেখ্য ৰাছিয়াই ২০১৪ চনত ইউক্ৰেইনৰ অংশ ক্ৰিমিয়া দখল কৰিছিল। এতিয়া এই বছৰৰ আৰম্ভণিৰ পৰা সেনা মোতায়েন বৃদ্ধি কৰাত বিশ্বজুৰি গৰিহণাৰ সন্মুখীন হৈছে ৰাছিয়া। আনহাতে, মস্কোৱে পশ্চিমীয়া দেশসমূহৰ মন্তব্যক উচটনিমূলক বুলি আপত্তি জনাইছে আৰু অঞ্চলটোত নাটো মিত্ৰজোঁটৰ বৰ্ধিত কাৰ্যকলাপৰ বিষয়ে অভিযোগ কৰিছে।

Published by:Gautam Barman
First published: