কাশ্মীৰ প্ৰসংগত পুনৰ মধ্যস্থতাৰ পোষকতা ড’নাল্ড ট্ৰাম্পৰ, ক’লে – যিটো ভাল হয়, সেয়া মই কৰিম

News18-Assam
Updated:August 21, 2019, 7:15 AM IST
কাশ্মীৰ প্ৰসংগত পুনৰ মধ্যস্থতাৰ পোষকতা ড’নাল্ড ট্ৰাম্পৰ, ক’লে – যিটো ভাল হয়, সেয়া মই কৰিম
ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত কয় যে কাশ্মীৰ খুবেই জটিল ঠাই। বিষয়টোক লৈ মধ্যস্থতাৰ বাবে যিটো ভাল হয় সেয়া মই কৰিম বুলিও মন্তব্য কৰে ট্ৰাম্পে।

ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত কয় যে কাশ্মীৰ খুবেই জটিল ঠাই। বিষয়টোক লৈ মধ্যস্থতাৰ বাবে যিটো ভাল হয় সেয়া মই কৰিম বুলিও মন্তব্য কৰে ট্ৰাম্পে।

  • Share this:
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আকৌ কাশ্মীৰ প্ৰসংগত মধ্যস্থতা কৰাৰ পোষকতা কৰিছে। ট্ৰাম্পে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত এই সপ্তাহৰ শেষত বিষয়টো উত্থাপন কৰিব। আমেৰিকাই প্ৰধানমন্ত্ৰী মোদীক কাশ্মীৰত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উপশম ঘটাবলৈ অনুৰোধ কৰিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মাধ্যমৰ আগত কয় যে কাশ্মীৰ খুবেই জটিল ঠাই। ইয়াত থকা হিন্দু আৰু মুছলমানৰ মাজত মিলাপ্ৰীতি নাই বুলি মই নকওঁ। বিষয়টোক লৈ মধ্যস্থতাৰ বাবে যিটো ভাল হয় সেয়া মই কৰিম বুলিও মন্তব্য কৰে ট্ৰাম্পে।

ইয়াৰ পূৰ্বে মঙলবাৰে ট্ৰাম্পে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে। কাশ্মীৰক লৈ ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰাৰ ক্ষেত্ৰত সংযম ৰাখিবলৈ কয় ট্ৰাম্পে। ট্ৰাম্পে বৰ্তমানৰ পৰিস্থিতি জটিল আখ্যা দি দুয়ো পক্ষক সংযম ৰক্ষা কৰাৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৩০ মিনিটজোৰা টেলিফোনিক বাৰ্তালাপৰ পিছতে ট্ৰাম্পে ইমৰান খানৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে। মোদীয়ে ট্ৰাম্পৰ সৈতে বাৰ্তালাপত পাকিস্তানী নেতাৰ ভাৰতবিৰোধী মন্তব্য আৰু উচতনিৰ প্ৰসংগ উল্লেখ কৰে। হোৱাইট হাউছৰ সূত্ৰ অনুসৰি, ট্ৰাম্পে ইমৰান খানক জম্মু–কাশ্মীৰ প্ৰসংগত ভাৰতৰ বিৰুদ্ধে মন্তব্য কৰাৰ ক্ষেত্ৰত সংযম বজাই ৰখা আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উপশম ঘটোৱাক লৈ আলোচনা কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি