US Election 2020: জ’ বাইডেনে ক’লে- ‘ভৰসা ৰাখক, মই হৈ আছো ৰাষ্ট্ৰপতি’

বৰ্তমানলৈকে ইলেক্টোৰেল ভোটত ডেম’ক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী জ’ বাইডেন যথেষ্ট আগবাঢ়ি আছে। বৰ্তমানলৈকে ২২৩টা ভোট লাভ কৰাৰ বিপৰীতে ১৭৪টা ভোট লাভ কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন ২৭০ টা ভোট।

- News18 Assam
- Last Updated: November 4, 2020, 2:49 PM IST
বাইডেনে লগতে কয় যে, ‘মই নিৰ্বাচনত জয়লাভ কৰিম বুলি বিশ্বাসী। চূড়ান্ত ফলাফল আহিবলৈ এতিয়াও কিছুসময় বাকী। কিন্তু জয় নিশ্চিয়কৈ আমাৰেই হ’ব। যেতিয়ালৈকে সকলো বেলটৰ গননা শেষ নহয়, আমি অপেক্ষা কৰিম।’
কিন্তু ৰাষ্ট্ৰতি ড’নাল্ড ট্ৰাম্পে এতিয়া আনিছে বিস্ফোৰক অভিযাগ। ট্ৰাম্পৰ মতে, ডেম’ক্ৰেটিক পাৰ্টীয়ে ভোট খেলিমেলিৰ চেষ্টা কৰিছে। আনকি নিশা ভাষণ দিয়াৰ কথাও ঘোষণা কৰিছে ট্ৰাম্পে য’ত থাকিব ৪০০ অতিথি।
উল্লেখযোগ্য যে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংখ্যাগৰিষ্ঠতাৰ বাবে মেজিক নম্বৰ হৈছে ২৭০। এতিয়ালৈ চূড়ান্ত ফলাফল আহিবলৈ বহুখিনি বাকী। গতিকে এতিয়াই জয়ী বুলি ক’ব নোৱাৰি, তথাপি ট্ৰেণ্ড মতে আগুৱাই আছে বাইডেন।