உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Russia-Ukraine crisis: আমেৰিকাৰ সতৰ্কবাণী- ৰাছিয়াই যিকোনো মুহূৰ্তত ইউক্ৰেইনত চলাব পাৰে আক্ৰমণ, নাগৰিকক ইউক্ৰেইন ত্যাগৰ আহ্বান

    Russia-Ukraine crisis: আমেৰিকাৰ সতৰ্কবাণী- ৰাছিয়াই যিকোনো মুহূৰ্তত ইউক্ৰেইনত চলাব পাৰে আক্ৰমণ, নাগৰিকক ইউক্ৰেইন ত্যাগৰ আহ্বান

     ১,০০,০০০ ৰাছিয়াৰ সৈন্যই ইউক্ৰেইন (Ukraine) ঘেৰাও কৰিছে।

    ১,০০,০০০ ৰাছিয়াৰ সৈন্যই ইউক্ৰেইন (Ukraine) ঘেৰাও কৰিছে।

    ১,০০,০০০ ৰাছিয়াৰ সৈন্যই ইউক্ৰেইন (Ukraine) ঘেৰাও কৰিছে।

    • Share this:
    আমেৰিকা যুক্তৰাষ্ট্ৰই সতৰ্ক কৰি দিছে যে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ যিকোনো সময়তে হ'ব পাৰে। এই আক্ৰমণৰ লক্ষ্য হ'ব পাৰে সাধাৰণ নাগৰিকো। সেয়ে আমেৰিকান নাগৰিকসকলক ৪৮ ঘণ্টাৰ ভিতৰত ইউক্ৰেইন এৰাৰ আহ্বান জনাইছে হোৱাইট হাউছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ (USA) ৰাষ্ট্ৰপতি জো বাইডেনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে (Jake Sullivan) কয়- "আমাৰ চোৰাংচোৱা প্ৰতিবেদন অনুসৰি ১,০০,০০০ ৰাছিয়াৰ সৈন্যই ইউক্ৰেইন (Ukraine) ঘেৰাও কৰিছে। আক্ৰমণটো যিকোনো সময়তে কৰিব পাৰি। ইউক্ৰেনেও সীমান্তত হাজাৰ হাজাৰ সৈন্য মোতায়েন কৰিছে।''

    হোৱাইট হাউছত এখন সংবাদমেলৰ সময়ত জেকে অৱশ্যে আক্ৰমণৰ সঠিক সময়ক লৈ নিশ্চিতি দিব নোৱাৰে বুলি উল্লেখ কৰে। কিন্তু চীনত শীতকালীন অলিম্পিক শেষ হোৱাৰ লগে লগে ৰাছিয়াই আক্ৰমণ কৰিব পাৰে বুলি ইংগিত দিয়ে। তেওঁৰ মতে ৰাছিয়াই বন্ধু ৰাষ্ট্ৰ চীনত চলি থকা শীতকালীন অলিম্পিকৰ সময়ত আক্ৰমণ নকৰিব। জেকে ইউক্ৰেইনৰ ৰাজধানী কিয়েভক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ব পাৰে বুলি উল্লেখ কৰে।

    জেকে লগতে ইউক্ৰেইন সমস্যাৰ কূনৈতিক সমাধানৰ বাবে আমেৰিকাই চেষ্টা চলাই থকা বুলি জানিবলৈ দিয়ে। তেওঁ লগতে দেওবাৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে (Joe Biden) ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে ফোনত বাৰ্তালাপ কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য, ইউক্ৰেইন এসময়ত ৰাছিয়ান সাম্ৰাজ্যৰ অংশ আছিল। কিন্তু ছোভিয়েট ইউনিয়ন (USSR) ভংগ হোৱাৰ পিছত, ইউক্ৰেনে ১৯৯১ চনত নিজকে এখন স্বাধীন দেশ হিচাপে ঘোষণা কৰে। ই তেতিয়া ৰাছিয়াৰ পৰিৱৰ্তে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য পশ্চিমীয়া দেশসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰে।

    ৰাছিয়াই ইউক্ৰেইন পুনৰ দখল চেষ্টা কৰি আছে। ইতিমধ্যে ইউক্ৰেইনৰ এখন চহৰ 'ক্ৰিমিয়া' দখল কৰি ৰাছিয়াই ইয়াক দেশখনৰ অংশ কৰি তুলিছে। এই মুহূৰ্তত বিবাদটো হৈছে ইউক্ৰেনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ সৈতে তেওঁলোকৰ সামৰিক মিত্ৰতা উত্তৰ আটলাণ্টিক চুক্তি সংগঠন (NATO)ত যোগদান কৰাৰ প্ৰস্তুতি চলাই আছে, যাতে ইয়াৰ জৰিয়তে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰি। আনহাতে, ৰাছিয়াই ইউক্ৰেইনত নাটো বাহিনীৰ উপস্থিতি আৰু সামৰিক অনুশীলন আদিৰ বিৰোধিতা কৰিছে।
    Published by:Gautam Barman
    First published: